নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ গুৱাহাটীত অয়ন আৰ্য্যৰ দ্বিতীয় খন উপন্যাস উন্মোচন

নিয়মীয়া বাৰ্তা   ,৪ জানুৱাৰী : ” “আজিৰ দিনটো কেৱল এখন বিদ্যালয়ৰ বাবেই নহয় সমগ্ৰ অসমৰ বাবে এটা গৌৰৱৰ দিন । কাৰণ এজন নৱম শ্ৰেণীৰ ছাত্ৰই অসমবাসীক এখন উপন্যাস উপহাৰ দি নিজৰ অদম্য সৃজনশীল প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে । এই মন্তব্য আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি গৱেষণা সংস্থা ,অসমৰ সঞ্চালক ড’ দিলীপ কলিতাৰ । তেওঁ লগতে আশা প্ৰকাশ কৰি কয় যে ইংৰাজী ভাষাত লিখা উপন্যাসখনৰ মানদণ্ড আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হৈছে আৰু ইয়াক সমগ্ৰ বিশ্বৰ ছাত্ৰ ছাত্ৰীয়ে আদৰি লোৱাৰ সম্ভাৱনা উজ্বল হৈ আছে ।

উল্লেখ্য,উত্তৰ গুৱাহাটীস্থিত ফেকাল্টি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ অয়ন আৰ্য্যই লিখা তেওঁৰ দ্বিতীয় খন উপন্যাস ” The Mystery of the Ghostly School & The possessed girl” আজি বিদ্যালয়খনৰ সভাগৃহত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ  অনুষ্ঠানত উন্মোচন কৰা হয় । আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা ,অসমৰ সঞ্চালক ড’ দিলীপ কলিতা , কামৰূপ জিলা স্কুল পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই আনুষ্ঠানিক ভাৱে গ্ৰন্থ খন উন্মোচন কৰি কয় যে,নিশ্চিত ভাৱে অয়ন যুৱ প্ৰজন্মৰ বাবে প্ৰচুৰ সম্ভৱনাপূৰ্ণ লিখক । ১৭৩ পৃষ্ঠাৰ উপন্যাস খন প্ৰকাশ কৰিছে গুৱাহাটীৰ “HDI Educational Publishers” নামৰ প্ৰকাশন গোষ্ঠীটোৱে । উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড’ তাৰিণী কান্ত হালৈ তথা সংগীতা কলিতাৰ পুত্ৰ অয়নে পঞ্চম শ্ৰেণীত থাকোতেই তেওঁৰ প্ৰথম খন উপন্যাস প্ৰকাশ পাইছিল । শিক্ষক ক্ষীৰোদ ৰয়ে আত ধৰা গ্ৰন্থ উন্মোচনী সভাত বিদ্যালয় খনৰ অন্যতম ৰূপকাৰ প্ৰদীপ ভূঞা,অধ্যক্ষ যুগল চন্দ্ৰ বৰা, বিদ্যালয় খনৰ শৈক্ষিক সঞ্চালক লয়া সিনহা, গ্ৰন্থ প্ৰকাশক বিজিত তালুকদাৰ, হীৰেন বুঢ়াগোহাঁই, বহু গণ্য মান্য ব্যক্তিৰ লগতে বিদ্যালয় খনৰ শিক্ষাৰ্থী সকল উপস্থিত থাকি অয়নৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে

You might also like