নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অকলশৰে দক্ষিণ মেৰু যাত্রাৰে অভিলেখ সৃষ্টি প্রীত চান্দিৰ

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ ব্রিটেইনত জন্মগ্রহণ কৰা শিখ সম্প্রদায়ৰ যুৱতী প্রীত চান্দিয়ে পৃথিৱীৰ দক্ষিণ মেৰুত গৈ অকলশৰে উপস্থিত হৈ অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ পেছাত এগৰাকী সেনা বিষয়া প্রীত চান্দিয়ে দক্ষিণ মেৰুৰ তুষাৰাবৃত অঞ্চলত গৈ উপস্থিত হোৱাৰ লগে লগে এক নতুন ইতিহাসৰ সৃষ্টি হয়৷ স্মর্তব্য যে দক্ষিণ মেৰুলৈ অকলশৰীয়া অভিযান চলোৱা প্রথমগৰাকী মহিলা হৈছে প্রীত চান্দি৷ যোৱা নৱেম্বৰ মাহত এই দুর্গম তথা দুঃসাহসিক যাত্রা আৰম্ভ কৰিছিল প্রীত চান্দিয়ে৷ সংবাদ সংস্থা চি এন এনৰ প্রতিবেদন অনুসৰি এণ্টার্কটিকাৰ হাৰকিউলছ ইনলেটে এই যাত্রাত প্রীত চান্দিক কোনো ধৰণৰ সমর্থন জনোৱা নাছিল৷ স্মর্তব্য যে কেইবাসপ্তাহ ধৰি এণ্টার্কটিকাৰ তুষাৰাবৃত অঞ্চল প্রীত চান্দিয়ে কেৱল স্কিয়িং কৰি অতিক্রম কৰিছিল৷ চল্লিশদিনীয়া দুঃসাহসিক অভিযানত প্রীত চান্দিয়ে অতিক্রম কৰে ৭০০ মাইল দূৰত্ব৷

You might also like