নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমিছনৰ অংকত ব্যস্ত এনফ’ৰ্চমেণ্ট ডিটিঅ’ কার্যালয় চৌহদত আবদ্ধ বালিৰ ট্রাক–তেলৰ টেংকাৰ

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ পৰিবহণ মন্ত্রীৰ অকর্মণ্যতাৰ বাবে এতিয়া মাছৰ বজাৰলৈ পর্যবসিত হৈছে কামৰূপ জিলা পৰিবহণ বিষয়াৰ কার্যালয়৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কঠোৰ নির্দেশৰ পিছতো কামৰূপ জিলা পৰিবহণ বিষয়াৰ কার্যালয়ত চলি আছে এখন বৃহৎ বজাৰ৷ অভিযোগ অনুসৰি অভাৰলোডিং শিল–বালিৰ ট্ৰাক, ডাম্পাৰ, টেংকাৰৰ ওপৰত ব্যস্ত পৰিবহণ বিষয়াকে ধৰি একাংশ এনফ’চমেণ্ট বিষয়া৷ ৰাজপথত এন্ধাৰ নামি আহিলেহ এহসকল বিষয়াৰ সোণৰ কণী পৰা হাহত পৰিণত হয়৷ কাৰণ যোৰাবাটৰ ন–মাহলৰ পৰা জালুকবাৰীলৈ যোৱা পহণ্টত চলে দৰ–দাম৷

একাংশ ট্ৰাক, ডাম্পাৰৰ চালকে দিয়া অভিযোগ অনুসৰি অভাৰলোডিঙৰ অচিলা লৈ একাংশ এনফ’চমেণ্ট বিষয়াহ প্রতিখন বাহনৰ পৰা বিচাৰে ১০,০০০কৈ টকা৷ যদি ধন দিবলৈ অপাৰগ হয়, তেন্তে তেনে বাহন জব্দ কৰি ডিটিঅ’লৈ লৈ আহে অভিযানকাৰী দলটোৱে৷ একেদৰে ফিটনেছ ফেইলৰ নামতো আন একাংশ বাহনৰ গৰাকীক অযথা হাৰশাস্তি কৰি অহাৰ অভিযোগ ডত্থাপন হৈছে এনফ’চমেণ্ট বিষয়া হিমাংশু দাসৰ বিৰুদ্ধে৷

উল্লেখ্য যে পূর্বে বহু দুর্নীতিৰ অভিযোগত অভিযুক্ত হৈ অগাধ সম্পত্তিৰ গৰাকী হৈছে পৰিবহণ বিষয়া হিমাংশু দাস৷ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ আশীর্বাদতে এহগৰাকী বিষয়াহ নিজৰ চাকৰিৰ বদলিৰ ৩ বছৰ পিছতো পুনৰ আধিপত্য বিস্তাৰ কৰিছে মহানগৰীত৷

You might also like