নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উদ্যোগত শ্ৰমিকসকলৰ সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ  বিশ্বকৰ্মা পূজা উপলক্ষ্যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ধুবুৰী নগৰৰ উদ্যোগত যোৱাকালি অনুষ্ঠিত হৈ যায় এক বিশেষ কাৰ্য্যক্ৰম। বিশ্ব খনিকৰৰ আৰোধনাৰ দিনটোৰ সৈতে সংগতি ৰাখি যোৱাকালি সংগঠনটোৰ উদ্যোগত আয়েজিত হয় শ্ৰমিকসকলৰ এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান। মুখ্য অতিথিৰূপে ধুবুৰী জিলাৰ নিৰ্বাচনী বিষয়া মাচি তপ্পো আৰু জিলা সংঘচালক তথা ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক ড৹ দ্বীপেন্দ্ৰ কুমাৰ অধিকাৰী উপস্থিত থকা সেই কাৰ্য্যসূচীত ধুবুৰী চহৰৰ বিশিষ্ট সমাজ সেৱক, গণ্যমান্য ব্যক্তিসকলৰ দ্বাৰা বিভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত শ্ৰমিকসকলক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী 

You might also like