নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিযুক্তি মেলালৈ আৰক্ষী হ’বলৈ অহা যুৱকৰ মোনাত পিষ্টল, চিৰাঙৰ ঘটনা

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ চিৰাঙত চলি থকা অসম আৰক্ষীৰ নিযুক্তি মেলাত অংশ লৈ আৰক্ষী হ’ম বুলি অহা এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, জিলা সদৰস্থিত আলাৰিনি চৌৰাং প্ৰেম সিং ব্ৰহ্ম ক্ৰীড়া প্ৰকল্পত চলি থকা অসম আৰক্ষীৰ নিযুক্তি মেলাত অংশগ্ৰহণ কৰাৰ বাবে অহা নিবনুৱাসকলক পুৱা ৬ বজাত প্ৰথমে নথিপত্ৰ পৰীক্ষা কৰি তালাচী লোৱা হয়।

অন্য দিনৰ দৰে আজিও তেনেদৰে তালাচী লোৱাৰ সময়ত এজন যুৱকৰ মোনাত এটা হস্তনিৰ্মিত পিষ্টল উদ্ধাৰ হয়। লগে লগে যুৱকজনক চিৰাং আৰক্ষীয়ে আটক কৰি ঢালিগাঁও থানাত গতাই দিয়ে। ঢালিগাঁও থানাত ৬০/২০২১ নম্বৰত ভাৰতীয় দণ্ড বিধিৰ ধাৰা ২৫   ১বি সশস্ত্ৰ আইনৰ অধীনত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

জিলা আৰক্ষী অধীক্ষকে আটক কৰা যুৱকজনক বিজনী থানাৰ অন্তৰ্গত লাৰুগাঁৱৰ বাসিন্দা ছৰবেছ আলীৰ পুত্ৰ নুৰ আলম আলী (২১) বুলি চিনাক্ত কৰা বুলি জনাইছে। ধৃত যুৱকজনে মোনাখন তেওঁৰ সম্পৰ্কীয় ভাতৃ এজনৰ বুলি আৰক্ষীক জনোৱাৰ লগতে মোনাত পিষ্টল থকাৰ বিষয়ে তেওঁ জনা নাছিল বুলি স্বীকাৰোক্তি দিয়া বুলি আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

চিৰাং আৰক্ষীয়ে ইতিমধ্যে  পিষ্টল উদ্ধাৰ হোৱা মোনাখনৰ প্ৰকৃত গৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

You might also like