নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিকিৰভেটা আৰক্ষীৰ পুনৰ বৃহৎ সাফল্য; বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ পলাতক কুক্ষ্যাত ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৩ চেপ্টেম্বৰ: মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে নিশা শিলপুখুৰী অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু নিসিদ্ধ ড্ৰাগছ সহ দুজন কুখ্যাত ড্ৰাগছ মাফিয়া আতক কৰে ৷ উল্লেখ যে কিছু দিনৰ পূৰ্বে মিকিৰভেটা আৰক্ষীয়ে মৰিগাঁও আৰক্ষীৰ সহযোগত জিলাখনৰ দলবাৰী অঞ্চলৰ পৰা মাটিত গাত খান্দি পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য সহ দুজনক গ্ৰেপ্তাৰ কৰিছিল যদিও সেই ব্যৱসায় লগত জড়িত মিনাৰুল নামৰ আন এজন কু্ক্ষ্যাত মাফিয়া পলাতক অৱস্থাত আছিল ৷ নিশা এক গোপান সূত্ৰ পম খেদি মিকিৰভেটা আৰক্ষীয়ে শিলপুখুৰীত আত্মগোপন কৰি থকা অৱস্থাত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ পলাতক কুখ্যাত ড্ৰাগছ মাফিয়া মিনাৰুল আৰু তেওঁৰ সহযোগী ছাইদুৰ ৰহমান নামৰ আন এজনকো আতক কৰে আৰক্ষীয়ে ৷

You might also like