নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত মাৰণাস্ত্ৰসহ আটক এজন আলফা কেডাৰ

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ: বুধবাৰে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপং আৰক্ষী থানাৰ অন্তৰ্গত 19 নং আচাম ৰাইফলচে এক গোপন সূত্ৰৰ আধাৰত দুৰ্গম জংঘলৰ পৰা এজন আলফা স্বাধীনৰ সদস্যক আটক কৰিবলৈ সক্ষম হয়।আটকাধীন আলফা সদস্য জন মাজুলীৰ বালি জোকাই গাঁৱৰ ভাইটি অসম (৩০) বুলি জানিব পৰা গৈছে ।

আটকাধীন আলফা সদস্যজনৰ পৰা সেনাই এটা 9m.m পিষ্টল এটা ৰেডিঅ ছেট, ম্যানমাৰ টকা সহ কেইবাটাও আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰে।বৰ্তমান আটকাধীন আলফা(স্বাধীন)ৰ সদস্যৰ জনৰ পৰা অধিক তথ্যৰ বাবে সেনাই জেৰা অব্যাহত ৰাখিছে।

You might also like