নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজাদি কি অমৃত মহোৎসৱঃ মৰিগাঁও আয়কৰ বিভাগৰ বিশেষ বৃক্ষৰূপন

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে দেশ জুৰি উদযাপিত হৈ থকা আজাদি কি অমৃত মহোৎসৱ উপলক্ষে উত্তৰ-পূব ক্ষেত্ৰৰ প্ৰধান আয়কৰ আয়ুক্তৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও আয়কৰ ৱাৰ্ডটো আজি প্ৰদূষণ ছে আজাদি শীৰ্ষক এক অনুষ্ঠান আয়োজন কৰা হয়।

আজি দিনৰ ১০ বজাত আয়কৰ বিভাগৰ মৰিগাঁৱ ৱাৰ্ডৰ কাৰ্যলয় চৌহদত মৰিগাঁৱ ৱাৰ্ডৰ আয়কৰ বিষয়া শ্যাম নাৰায়ণ কুমাৰে আঁত ধৰা অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে উপস্থিত থাকে মৰিগাঁৱ পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি অৰ্চনা বৰদলৈয়ে প্ৰকৃতি সুৰক্ষাৰ বাবে প্ৰধান মন্ত্ৰী মোদীৰ এই সমাজ কল্যাণৰ আন্দোলনক এক গতি দিবলৈ সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

এই অনুষ্ঠানটিত উপস্থিত থাকে মৰিগাঁও জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধী, আয়কৰ পৰিদৰ্শক জয়ন্ত দাস, বিশিষ্ট ব্যৱসায়ী লাতো গোঁহাই প্ৰমুখ্যে বহুজন। আনহাতে এই অনুষ্ঠান উপলক্ষে আয়কৰ কাৰ্যলয়ৰ সন্মুখৰ মূল পথৰ কাষত ৩০ জোপা গছপুলি ৰোপণ কৰা হয়।

You might also like