নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙাপৰাত হাতীৰ আক্রমণত এজনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ ৰঙাপৰাত হাতী-মানুহৰ সংঘাত। বনৰীয়া হাতীৰ আক্রমণত আজি শোণিতপুৰ জিলাৰ ৰঙাপৰাত এগৰাকী মহিলাৰ মৃত্যু হয়।

আজি পুৱতিনিশা প্ৰায় ৪ বজাত এটা বনৰীয়া হাতীয়ে অঞ্জলি খেৰিয়া নামৰ মহিলাগৰাকীৰ ঘৰ ভঙাৰ লগতে শুই থকা অৱস্থাতে মহিলাগৰাকীক গচকি মাৰি পেলায়। চেচা চাহ বাগিচাৰ ডিপোতাত সংঘটিত এই কৰুণ ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে অঞ্চলটোত। জানিব পৰা মতে, মহিলাগৰাকীৰ বয়স ৬০ বছৰ আছিল৷

You might also like