নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাজিৰাত অ’এনজিচিৰ কর্মচাৰীসহ গ্রেপ্তাৰ ১১

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ  ক’ৰোনা ভাইৰাছৰ পৰিপ্রেক্ষিতত দেশজুৰি প্রযোজ্য লকডাউনৰ সময়তো নাজিৰা নগৰ তথা মহকুমাটোৰ বিভিন্ন প্রান্তত নিষিদ্ধ ড্রাগ্ছ আৰু নিচাজাতীয় দ্রব্যৰ অবাধ প্রচলন তথা ব্যৱসায় অব্যাহত থকা ঘটনাই জনসাধাৰণৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ সময়তে বুধবাৰে নাজিৰা আৰক্ষীয়ে এই দুষ্টচক্রৰ বিৰুদ্ধে এক সফল অভিযান চলায়৷

নাজিৰা মহকুমা আৰক্ষী বিষয়া দ্বীপজ্যোতি তালুকদাৰ, নাজিৰা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া সুশীল কুমাৰ দত্ত, শিমলুগুৰি ভাৰপ্রাপ্ত আৰক্ষী বিষয়া বিজয় দুৱাৰা, নাজিৰা আৰক্ষী থানাৰ এছ আই দুলুমণি তালুকদাৰ, কল্যাণী বিদ্রাৰ নেতৃত্বত আৰক্ষীৰ এক দলে নাজিৰা নগৰ আৰু সমীপৱর্তী অঞ্চলত অভিযান চলাই ১১টাকৈ ড্রাগ্ছ সৰবৰাহকাৰী তথা সেৱনকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ এই অভিযান কালত আৰক্ষীয়ে যথেষ্ট পৰিমাণৰ নিষিদ্ধ ড্রাগ্ছ উদ্ধাৰ কৰে৷

ধৃত ড্রাগ্ছ সৰবৰাহকাৰী তথা সেৱনকাৰীসকল হৈছে আনিচ আখটাৰ আলী, দেৱব্রত বৰা, জাভেদ ৰহমান, বিদুৎ ঘাচি, গণেশ বার্মা, বাবু মহন, চন্দ্রামিত্র গোহাঁই আৰু কৃভাল লাভানী (অ’এনজিচি আৱাসিক এলেকা, ২৭), ছিচন বৰুৱা, প্রাঞ্জল গগৈ আৰু বিজয় কলিতা৷

উল্লেখ্য যে কৃভাল লাভানী আৰু বাবু মহন অ’এনজিচিৰ কর্মচাৰী বুলি আৰক্ষীৰ সূত্রই প্রকাশ কৰিছে৷ আনহাতে কৃভাল লাভানীৰ প্রকৃত ঘৰ গুজৰাটৰ জু–নগৰত৷ ধৃত আটাইকেইজনকে বর্তমান নাজিৰা আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে৷

স্মর্তব্য যে নাজিৰা নগৰত আৰক্ষীয়ে এদিনৰ পূর্বে এক অভিযান চলাই দুটা ড্রাগ্ছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে সিহঁতৰ জিম্মাৰ পৰা বৃহৎ পৰিমাণৰ ড্রাগ্ছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷ উক্ত দুই যুৱকে ডিব্রুগডৰ পৰা নাজিৰালৈ নিষিদ্ধ ড্রাগ্ছ ক্রয় কৰি নিয়াৰ লগতে সেৱন কৰাৰ উদ্দেশ্য কালি নাজিৰাত উপস্থিত হৈছিল৷ আনকি পৰহিও নাজিৰা আৰক্ষীয়ে এক অভিযান চলাই বিস্কুট সৰবৰাহ কৰা এখন  ট্ৰাকৰ পৰা ৮১ কার্টন গুট্খা জব্দ কৰিছিল৷

বর্তমান সময়ত নাজিৰা নগৰৰ উপৰি শিমলুগুৰি, মেকীপুৰ, লিগিৰীপুখুৰী, বিহুবৰ, গেলেকী আদি অঞ্চলক একপ্রকাৰ ড্রাগ্ছ ঘাটিলৈ ৰূপান্তৰিত কৰিছে ড্রাগ্ছ ব্যৱসায়ীয়ে৷ এই নিষিদ্ধ দ্রব্যৰ ড্রাগ্ছৰ ব্যৱসায়, ড্রাগ্ছ সেৱনত নামি পৰিছে নাজিৰাৰ একাংশ সম্ভ্রান্ত পৰিয়ালৰ যুৱক–যুৱতী৷

You might also like