নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ধন অবণ্টনত ব্যাপক দুৰ্নীতিৰ অভিযোগ

নিয়মীয়া বাৰ্তা,  ৩ ফেব্ৰুৱাৰী: ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ধন অবন্টনত ব্যাপক দুৰ্নীতি। অস্তিত্বহীন কামৰ বাবদ দুৰ্নীতি পৰায়ন ঠিকাদাৰে জালিয়াটিৰে লুটিলে ধন। ফটোছপত ফটো এডিত কৰি বিভাগক কাম সম্পূৰ্ণ কৰা বুলি উলিয়াই নিলে কোটি- কোটি টকা।

হাজোৰ হাবলাখা অঞ্চলতে প্ৰায় ৪টা পথ নিৰ্মানৰ নামত লুটিলে ৪৮ লাখ টকা। ২০২২-২৩ বৰ্ষত অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ মুঠ- ৬ কোটি ৮৬ লাখ আৱন্তিত ধনৰ অধিকাংশ কামতে দুৰ্নীতি হোৱাৰ অভিযোগ। হাজোৰ এই দুটা পথত এছপৰাও মাটি নেপেলোৱাকৈ কম্পিউটাৰত ভুৱা ফলক সম্পাদনা কৰি দুটা পথৰ ৩০ লাখ টকা উলিয়াই নিলে দুৰ্নীতি পৰায়ন ঠিকাদাৰে। অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে হাজোত প্ৰতিবাদ। কোন কোন জড়িত হৈ পৰিছে এই কেলেংকাৰীত ? কিয় পথ পৰিদর্শন নকৰাকৈ ঠিকাদাৰক ধন মোকোলাই দিলে বিভাগে ? অজিত ভূঞাৰ সাংসদ পুঁজিৰ অধিকাংশ ধন ব্যৱহাৰ হৈছে কামৰূপ জিলা আৰু কামৰূপ মহানগৰ জিলাৰ বিভিন্ন ঠাইত।

বাতৰিত সংলগ্ন কৰা ফটোখন ফটোচপত এডিত কৰি উলিয়াই নিলে লাখ-লাখ টকা। লগতে কোনো নিৰ্মান সমিতি নোহোৱাকৈ ভুৱা নিৰ্মাণ সমিতিৰ নথি দাখিল কৰি চলালে লুণ্ঠন। ১০০ শতাংশ মুছলমান এলেকাত দাস -কলিতাৰ নামেৰে সভাপতি সম্পাদকৰ নাম সন্নিৱিষ্ট নিৰ্মাণ সমিতিত। এনেকৈ ২০২২-২৩ বিত্তীয় বৰ্ষত ভূঞাৰ সাংসদ পূঁজিৰ ধন ঠিকাদাৰে লুটিলে লাখ-লাখ টকা।

You might also like