নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালা তপোবনৰ সঞ্চালক কুমুদ কলিতালৈ কমিচন ফ’ৰ প্ৰ’টেকচন অৱ চাইল্ড ৰাইটচৰ চিলড্ৰেণছ চেম্পিয়ন এৱাৰ্ডঃ বজালীত আনন্দ

 

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ সমাজৰ পৰা বহু সময়ত অবহেলিত দিব্যাংগ শিশু সকলৰ আৱাসিক শিক্ষানুষ্ঠান পাঠশালা তপোবন আৰু ষ্টুডেণ্টচ ওৱেলফেয়াৰ মিছনৰ সঞ্চালক কুমুদ কলিতালৈ দিল্লী কমিচন ফ’ৰ প্ৰ’টেকচন অৱ চাইল্ড ৰাইটচৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে চিলড্ৰেণছ চেম্পিয়ন এৱাৰ্ড৷ মানৱ দৰদী ব্যক্তিগৰাকীলৈ আগবঢ়োৱা এই সন্মানীয় স্বীকৃতিয়ে বজালীলৈ আনন্দ কঢ়িয়াই আনিছে৷ অহা ২৫ মাৰ্চৰ ৰাতিপুৱা ১০. ৩০ বজাত নতুন দিল্লীৰ মাণ্ডী হাউছস্থিত ত্ৰিবেণী কলা সংগমৰ ত্ৰিবেণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এক বিশেষ অনুষ্ঠানত কলিতাক এই সন্মানীয় বঁটাটো প্ৰদান কৰা হব৷ কলিতাক আনুষ্ঠানিকভাৱে বঁটাটো প্ৰদান কৰিব ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পি এছ নৰসিমহা আৰু উৰিষ্যা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ড৹ এছ মুৰলীধৰে৷ বঁটাটোত আছে নগদ পয়সত্তৰ হাজাৰ টকা, এখন প্ৰমাণ পত্ৰ আৰু এটা স্মাৰক৷ আনহাতে বঁটাটো গ্ৰহণ কৰাৰ বাবে অহা যোৱাকে আদি কৰি সকলো যাৱতীয় খৰচো বহন কৰিব দিল্লী চৰকাৰৰ অধীনস্থ আয়োগে৷ উল্লেখ্য যে দিল্লী শিশু অধিকাৰ সুৰক্ষা আয়োগ হৈছে শিশু অধিকাৰ সুৰক্ষা আয়োগ (চিপিচিআৰ) আইন, ২০০৫ৰ অধীনত গঠন কৰা দিল্লী চৰকাৰৰ বিধিগত চোৱাচিতাকাৰী সংস্থা। আয়োগে শিশুক নিষ্ঠুৰতা, নিৰ্যাতন, শোষণ, দ্ৰব্যৰ অপব্যৱহাৰ, অক্ষমতাৰ বৈষম্য, আৰু তেওঁলোকৰ শিক্ষা, স্বাস্থ্য, খেলা-ধূলাৰ অধিকাৰ আৰু আইনী সুৰক্ষা বলবৎ কৰা আদিৰ পৰা শিশুৰ অধিকাৰৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে৷ তপোবনৰ সঞ্চালক কুমুদ কলিতাই এই সন্মানীয় বঁটাৰ বাবে নিৰ্বাচিত হোৱা খবৰ লাভ কৰাৰ পিছতে বজালীৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়ে তেওঁলৈ অভিনন্দন জনাইছে৷
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like