নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত ইটাভাতাৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত জামলাই ইছলামপুৰত ইটাভাতাৰ বিৰুদ্ধে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। জনবসতিপূৰ্ণ এলেকাত কৰা ইটাভাতা শীঘ্ৰে বন্ধ কৰিবলৈ ৰাইজে ইটাভাতাতে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

উল্লেখ্য যে প্ৰায় তিনি বছৰ ধৰি গাওঁখনৰ ইব্ৰাহিম আলী নামৰ লোকজনে (AJE) নাম দি এটা চিমনি ইটাভাতা বহুৱাইছে। ভাতা আৰম্ভ কৰাৰ পাছৰে পৰা ৰাইজে সন্মুখীন হৈছে নানা সমস্যাৰ।অভিযোগ অনুসৰি ইটা ভাতাৰ ধোঁৱাই সৃষ্টি কৰা প্ৰদূষণৰ ফলত নষ্ট হৈছে খেতিবাতি, ক্ষতিসাধন হৈছে গছ গছনিৰ, দূষিত হৈছে পুখুৰীৰ পানী পৰ্যন্ত।

তদুপৰি দেখা দিছে কণ কণ ল’ৰা ছোৱালীৰ ছালৰ ৰোগ আৰু শ্বাস প্ৰশ্বাসজনিত বিভিন্ন ৰোগ।সমান্তৰালকৈ দিনে নিশাই অবিৰতভাৱে ইটাভাতাৰ ট্ৰেক্টৰ চলি থকাৰ বাবেও পঢ়া শুনাৰ ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱা বুলিও অভিযোগ উঠিছে।

জিলা প্ৰশাসনৰ পৰা আৰম্ভ কৰি সংশ্লিষ্ট সকলো কৰ্তৃপক্ষক একাধিকবাৰ অভিযোগ দিয়ো ৰাইজে সুফল নোপোৱা বুলিও উল্লেখ কৰিছে। সেয়ে ৰাইজৰ শেষ ভৰষা এতিয়া সংবাদ মাধ্যম আৰু ইটাভাতাতে সাংবাদিকক মাতি নি ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

শীঘ্ৰেই জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি অনা আৰু উত্থাপিত অভিযোগ মৰ্মে নীতিবহিৰ্ভূতভাৱে চলা এই ইটাভাতাটো বন্ধ কৰিবলৈ দাবী জনাইছে ৰাইজে।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৪ ফেব্ৰুৱাৰী

You might also like