নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত নিৰ্বাচনী ৰণক্ষেত্ৰত দুই ভাতৃৰ মাজত হ’ব যুঁজ

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া কিছু সময় পিছতে অন্ত পৰিব। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হৈছে ৩৯ টা সমষ্টিত। কিন্তু ৩৯ টা সমষ্টিৰ মাজত এটা সমষ্টিয়ে ৰাইজৰ দৃষ্টি বিশেষভাৱে আকৰ্ষণ কৰিছে। সেয়া হৈছে নগাঁও সমষ্টি।

দৃষ্টি আকৰ্ষণৰ কাৰণ হৈছে নগাঁও সমষ্টিত এখন ঘৰৰে দুই প্ৰাৰ্থীয়ে দুটা দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মা আৰু আনগৰাকী বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা। নগাঁও সমষ্টিত কংগ্ৰেছ-বিজেপিৰ মাজতে মূল যুঁজ হ’ব বুলি কৰা ধাৰণাৰ পৰিপ্ৰেক্ষিতত দুই ভাতৃৰ মাজত হ’ব নিৰ্বাচনী যুঁজ।

আজি ভোটগ্ৰহণ কৰি ওলাই অহাৰ সময়ত দুয়ো ভাতৃয়ে উল্লেখ কৰে যে একেটা পৰিয়ালৰ হ’লেও দুয়ো ভিন্ন মতাদৰ্শৰ মানুহ। নিৰ্বাচনৰ পথাৰত বৈৰিতা থাকিলেও একে পৰিয়ালৰ মাজত থাকিবলগীয়া আন্তৰিকতাৰ কোনো হীন-ডেঢ়ি হোৱা নাই তেওঁলোকৰ।

উল্লেখ্য, দুয়োগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়লাভৰ ক্ষেত্ৰত আশাবাদী। অৱশ্যে কাৰ ভাগ্য উদয় হয় জানিব পৰা যাব ২ মে’ৰ নিৰ্বাচনী ফলাফলৰ পিছত।

You might also like