নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিমলীতোলা বৰপথাৰ অঞ্চলত আৰক্ষীৰ অভিযানত জব্দ ৩২ টাকৈ গোধন, আটক ৩

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ চোৰাং গৰু ব্যৱসায়ীৰ বিৰুদ্ধে শিমলীতোলা আৰক্ষীৰ এক অভিযানত অঞ্চলটোৰ বৰপথাৰৰ পৰা নিশাৰ ভাগত ৩২ টাক গৰু আৰু এই ব্যৱসায়ত জড়িত থকা তিনিজন লোককো আটক কৰিবলৈ সক্ষম হয়।

শনিবাৰৰ নিশাৰ ভাগত শিমলীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত চলা এক অভিযানত অবৈধ ভাৱে সৰবৰাহ কৰিবলৈ মজুত কৰি ৰখা ৩২ টাকৈ গৰু জব্দ কৰাৰ৷ উপৰি গৰু ব্যৱসায়ী ক্ৰমে – জৰিফ আলী, আয়নাল মণ্ডল আৰু ছবৰুদ্দিন শেখ নামত তিনিজনক আৰক্ষীয়ে আটক কৰি সোধপোচৰ বাবে আৰক্ষী চকীলৈ নিয়ে। শিমলীতোলা আৰক্ষীয়ে তিনিওকে মাৰাথান জেৰা অব্যাহত ৰাখিছে।

 

@ প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস

You might also like