নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বি চি পি এলৰ ১০ কোটি টকাৰ অনুদানেৰে বৰবৰুৱাত নিৰ্মাণ মাৰ্কেট কমপ্লেক্স!

  • বৰবৰুৱাৰ ব্যৱসায়ী-ৰাইজ উৎসাহিত

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চ: ডিব্ৰুগড়বাসীৰ লগতে বৰবৰুৱাৰ স্থানীয় লোকলৈ সু-খবৰ।প্ৰায় ১০ কোটি টকাৰে নিৰ্মান হব,এক বিলাসী বজাৰ গৃহ।

চহৰখনৰ উপকণ্ঠ বৰবৰুৱা অঞ্চলৰ কেন্দ্ৰস্থল বৰবৰুৱা বজাৰ এলেকাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষতে থকা মুঠ ৩ বিঘা ১৮ লোচা মাটিৰ এলেকাক সামৰি নিৰ্মাণৰ পথত আগবাঢ়িছে বৰবৰুৱা মাৰ্কেট কমপ্লেক্স। বি চি পি এলৰ চি এছ আৰ পূজিৰে নিৰ্মাণ হ’বলগীয়া বজাৰ গৃহটো হ’ব দুমহলীয়া।গ্ৰাউণ্ড ফ্লৰ,প্ৰথম মহলা আৰু দ্বিতীয় মহলাৰ প্ৰত্যেকতে সুকীয়া সুকীয়া শৌচাগাৰ-প্ৰস্ৰাৱাগাৰ আৰু বিদ্যুৎ চালিত লিফটৰ ব্যৱস্থা থকাৰ ওপৰিও ভূমি(গ্ৰাউণ্ড) মহলাত আহল-বহল ভাবে মাছ-মাংস আৰু শাক-পাচলিৰ মুকলি দোকান দিয়াৰ ব্যৱস্থা ৰখা হৈছে। এই মহলাত একো একোটা কোঠা বিশিষ্ট দোকানৰ সংখ্যা হ’ব ৮০ খন।প্ৰথম মহলাত দোকান থাকিব মুঠ ১০৬খন আৰু দ্বিতীয় মহলাত থাকিব ৮৪ খন দোকান। সৰ্বমুঠ দোকানৰ সংখ্যা হ’ব ২৭০খন। ইয়াৰ বাহিৰেও এই দ্বিতীয় মহলাটোত সভা সমিতি আদি পাতিব পৰাকৈ ২২৪ বৰ্গ মিটাৰ পৰিসৰৰ এটা সমূহীয়া প্ৰেক্ষাগৃহও আঁচনিৰ অন্তৰ্ভূক্ত হৈ আছে।এই বজাৰ কমপ্লেক্সটোৰ চৌহদৰ বাহিৰত ২০ খন যিকোনো বাহন আৰু চৌহদটোৰ ভিতৰত অতিৰিক্ত ২৩খনকৈ বাহন ৰখাৰ ব্যৱস্থা থকাৰ ওপৰিও সৰ্বাধিক ১০০খন দুচকীয়া বাহন থকাৰো ব্যৱস্থা থাকিব।

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড, চমুকৈ বি চি পি এলৰ ৯ কোটি ৭১ লাখ ৮১ হেজাৰ টকাৰে নিৰ্মাণ হ’বলগীয়া এই মাৰ্কেট কমপ্লেক্সটো নিৰ্মাণৰ বাবে নিবিদা লাভ কৰিছে যুটীয়া নিবিদাকাৰীৰ অন্যতম,ডিব্ৰুগড়ৰ এগৰাকী উদ্যোগী মহিলা মিতালী গগৈ ওজা।বৰ্তমানে তেওঁ পুৰণা বজাৰগৃহটো ভাঙি নতুন বজাৰ গৃহটো নিৰ্মাণৰ যাৱতীয় প্ৰাৰম্ভিক কামত নামি পৰিছে। সমান্তৰালকৈ ডিব্ৰুগড় জিলা উপায়ুক্তই এই বজাৰ গৃহটো নিৰ্মাণৰ বাবে গঠন কৰি দিয়া নিৰ্মাণ সমিতিয়েও স্থানীয় ব্যৱসায়ী আৰু ৰাইজৰ সৈতে একাধিক সভাত মিলিত হৈ যাৱতীয় দিহা পৰামৰ্শসহ কৰ্মক্ষেত্ৰত আগবাঢ়িছে আৰু স্থানীয় সকলো ব্যৱসায়ী আৰু ৰাইজেও সহযোগীতা আগবঢ়াইছে।ডিব্ৰুগড় জিলাৰ পশ্চিম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অপূৰ্ব কুমাৰ নাথক সভাপতি আৰু বৰবৰুৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক সদস্য সচিব হিচাবে লৈ জিলা উপায়ুক্তই গঠন কৰি দিয়া নিৰ্মাণ সমিতিখনৰ অন্যান্য সদস্য সকল হ’ল ডিব্ৰুগড় গড়কাপ্তানি পথ সংমণ্ডলৰ অধীক্ষক অভিযন্তা, গড়কাপ্তানি গৃহৰ কাৰ্য্যবাহী অভিযন্তা,অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মুখ্য কাৰ্য্যবাহী বিষয়া,ডিব্ৰুগড় জিলা পৰিষদৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা জিতুল গগৈ, বি চি পি এলৰ জ্যেষ্ঠ প্ৰৱন্ধক(অসামৰিক) দেৱাশীস বৰঠাকুৰ,বি চি পি এলৰ জ্যেষ্ঠ প্ৰৱন্ধক (বিত্ত আৰু গাণনিক) দিলদৰ নেওগ,আৰ্কিটেক অভিক বৰগোহাঁই আৰু বৰবৰুৱাৰ নেতৃস্থানীয় তথা সাংবাদিক শৰৎচন্দ্ৰ নেওগ।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা

You might also like