নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৰাজীর্ণ ভাৰাঘৰত চলিছে ডিমুৰ ডোবক আৰক্ষী চকী

নিয়মীয়া বাৰ্তা, ১৫ জুনঃ  অসম আৰক্ষীৰ আধুনিকীকৰণৰ বিপৰীত ছবি৷ জৰাজীর্ণ তিৰপালৰ চালিত ৪৩ বছৰে চলি আছে এখন গুৰুত্বপূর্ণ আৰক্ষী চকী৷ ১৫ বছৰে ঘৰৰ মালিকক দিয়া নাই ঘৰ ভাৰা৷ নাই আন্তঃগাঁথনি নাই সা–সুবিধা ভঙা–ছিগা জুপুৰিত চলি আছে এইখন অসমৰ এখন আৰক্ষী চকী৷ এইখন হৈছে কামৰূপ জিলাৰ ডিমুত অৱস্থিত ‘ডোবক আৰক্ষী চকী’৷ আন্তঃগাঁথনি বুলিবলৈ এইখন আৰক্ষী চকীত নাই একো ব্যৱস্থা৷ এটা আওপুৰণি জুপুৰি, টিনপাত ফুটা, বৰষুণ আহিলেই ডুব যায় পানীত, সেয়ে বৰষুণৰ পৰা ৰক্ষা পাবলৈ তিৰপাল হৈছে একমাত্র সাৰথি৷

ধুমুহাই টিনপাতবোৰ উৰুৱাই নিব বুলি ওপৰত দি থোৱা হৈছে ইটা৷ দুখন ট্বুেল, ৪০ বর্গফুটৰ এটা ৰুম৷ আৰক্ষী জোৱানসকল থকা বেৰেকটোৰ অৱস্থা শোচনীয়৷ ফুটা বেৰ তিৰপালৰ চালি, গোহালি সদৃশ পৰিৱেশত এনেকৈ খাইছে–শুইছে নিৰাপত্তাৰ দায়িত্বত থকা এইসকল আৰক্ষী জোৱানে৷ ডিজিটেল যুগত এয়া কি ব্যৱস্থা এখন গুৰুত্বপূর্ণ আৰক্ষী চকীৰ?

১৯৭৮ চনত স্থাপন হোৱা এই আৰক্ষী চকীখন বিগত ৪৩ বছৰে চলি আছে ভাৰাঘৰতে৷ বিগত ১৫ বছৰে ঘৰৰ মালিকক গৃহ বিভাগে দিব পৰা নাই ভাৰা৷ চৰকাৰ আহিল চৰকাৰ গ’ল৷ এই আৰক্ষী চকীখনৰ আন্তঃগাঁথনি হে শূন্য হৈ ৰ’ল৷ বিগত ৫টা বছৰত সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে অসম আৰক্ষীক আধুনিকীকৰণৰ নামত কি কৰিলে৷

আৰক্ষী চকীখনৰ পুতৌলগা অৱস্থাই অসম আৰক্ষীৰ আধুনিকীকৰণৰ এক ফোঁপোলা স্বৰূপ উদঙাইছে৷ এতিয়া গৃহমন্ত্রীৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই আৰক্ষী চকীৰ ক্ষেত্রত কেনেধৰণৰ ব্যৱস্থা গ্রহণ কৰে সেইটো পৰৱর্তী সময়ত লক্ষণীয় হ’ব৷

You might also like