নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুছলমানলৈ জন্ম নিয়ন্ত্রণৰ আহ্বান মুখ্যমন্ত্রীৰ

১৯৯২ চনৰ ১০ এপ্রিলত তদানীন্তন মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াই কৈছিল– অসমত ৩০ লাখ অবৈধ বাংলাদেশী নাগৰিক আছে৷ এগৰাকী মুখ্যমন্ত্রী হিচাপে তেওঁ কথাখিনি বা তথ্যটো এনেই ক’ব নোৱাৰে৷ তাৰ ভিত্তি থাকিবই লাগিব৷ অৱশ্যে সংখ্যাটোক লৈ বিতর্কৰ অৱকাশ থাকিব পাৰে৷ কিয়নো প্রকৃততে অসমত কিমানসংখ্যক অবৈধ বাংলাদেশী নাগৰিক আছে, সেইটোক এটা সংখ্যা হিচাপে সর্বজনগ্রাহ্য ৰূপত আজিলৈকে কোনেও তুলি ধৰিব পৰা নাই৷ ভিন্ন সময়ত ভিন্নজনে ভিন্ন তথ্য দাঙি ধৰিছে৷ ১৯৯৭ চনৰ ৬ মে’ত তদানীন্তন গৃহমন্ত্রী ইন্দ্র কুমাৰ গুজৰালে পৱিত্র সদনত জনোৱা তথ্য অনুসৰি, অসমত ৪০ লাখ অবৈধ বাংলাদেশী নাগৰিক আছে৷ ইন্দ্র কুমাৰ গুজৰালে সেই তথ্য অশুদ্ধ বা ভুল তথ্যৰ আধাৰত সংসদত উত্থাপন কৰা বুলি ক’তো কোৱা নাই৷ কথাখিনি সংসদত দলিল হিচাপে সংৰক্ষিত হৈ আছে৷ কিন্তু প্রয়াত হিতেশ্বৰ শইকীয়াই দুদিন পিছতে পাভলুটি মাৰি ৰাজ্যখনত এজনো অবৈধ বাংলাদেশী নাগৰিক নাই বুলি দাবী কৰে৷ অসমত শেহতীয়াকৈ এই ৰাজনীতিটোৰ পৰিৱর্তন ঘটিছে৷ এটা বিশেষ ধর্মীয় গোষ্ঠীৰ ৰঙাচকুলৈ ভয় কৰি অসমৰ জ্বলন্ত জাতীয় সমস্যা এটাক লৈ নিশাটোৰ ভিতৰতে স্থিতি সলনি কৰা অথবা সম্পূর্ণৰূপে ওলোটাখৰ মৰা ৰাজনীতিৰ অৱসান ঘটিছে৷ অৱসান ঘটিছে ৰজাঘৰৰ সেই বিশেষ ধর্মীয় গোষ্ঠীটোক তুষ্টিকৰণৰ ৰাজনীতি৷ অৱশ্যে তুষ্টিকৰণৰ ৰাজনীতি সলনি হোৱা বুলি ক’লে ভুল হ’ব৷ ৰাজনীতি একেই আছে৷ ধর্মীয় গোষ্ঠীটো সলনি হৈছে৷ কংগ্রেছে ক্ষমতাৰ লালসাত এটা ধর্মীয় গোষ্ঠীৰ তুষ্টিকৰণৰ ৰাজনীতি কৰি আহিছিল৷ বিজেপিয়ে আন এটা ধর্মীয় গোষ্ঠীৰ ক্ষেত্রত নীতিটো গ্রহণ কৰিছে৷ পার্থক্য এটাই যে কংগ্রেছে চুৰ কৰি ধৰা নপৰিবৰ বাবে ধর্মীয় নিৰপেক্ষতাৰ ৰামনামী চাদৰখন গাত মেৰিয়াই লয়৷ বিজেপিয়ে কিছু মুকলিকৈয়ে কথাবোৰ কয়৷
তৰুণ গগৈয়ে ‘হু ইজ বদৰুদ্দিন’ বুলি হুংকাৰ দি অসমত নতুন ৰাজনৈতিক ধাৰাটোৰ জন্ম দিছিল৷ ফলত হিতেশ্বৰ শইকীয়াৰ দৰে নিশাটোৰ ভিতৰতে স্থিতি সলাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱা নাছিল৷ কিন্তু সিৰাই সিৰাই কংগ্রেছৰ নীতি–আদর্শক বহন কৰি ফুৰা তৰুণ গগৈয়ে ধাৰাটোক বেছিদিন ধৰি ৰাখিব নোৱাৰিলে৷ ক্ষমতাৰ খঁকত পুনৰ একেই তুষ্টিকৰণৰ ৰাজনীতিলৈ উভতি গ’ল৷ পৰৱর্তী সময়ত বিজেপিৰ নেতৃত্বত নতুন চৰকাৰ এখন আহিল৷ দলটোৱে নতুন দিল্লীত প্রায় সাত বছৰ আৰু অসমত ৫ বছৰৰ অধিক কাল ধৰি শাসন কৰি আছে৷ অসমত শেহতীয়াকৈ চৰকাৰখনৰ নেতৃত্ব সলনি হৈছে৷ দলটোৰ কর্মসূচী, নীতি–আদর্শ সলনি হোৱা নাই৷ বৰং পূর্বতকৈ অধিক উৎসর্গিত মনোভাবেৰে কাম কৰা নেতা এজনহে লাভ কৰিলে৷ অসমৰ প্রেক্ষাপটত চৰকাৰ দুখনে যি কৰিছে বা কৰিব, তাত দলটোৰ নীতি–আদর্শ, কর্মসূচীৰ প্রতিফলন ঘটিবই৷ দল থাকিলেহে বল৷ কিন্তু তাৰে মাজতে কিছুমান কাম, কিছুমান সিদ্ধান্ত আৰু কিছু কিছু আহ্বানে সামগ্রিকভাৱে জনসাধাৰণ মংগলময় ভৱিষ্যৎ নিশ্চিত কৰাৰ সম্ভাৱনা কঢ়িয়াই আনে৷ ইয়াৰ শেহতীয়া উদাহৰণ, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুছলমান সমাজলৈ জন্ম নিয়ন্ত্রণৰ বাবে জনোৱা আহ্বানটো৷ তেওঁ আইন প্রণয়ন কৰি বা চৰকাৰী ক্ষমতা ব্যৱহাৰ কৰি ইয়াক জাপি দিব পাৰিলেহেঁতেন৷ কিন্তু সেইটো কৰা নাই৷ আমছু, এআইইউডিএফৰ দৰে মুছলমান সমাজৰ বাবে কাম কৰি অহা সংগঠনৰ নেতৃত্বলৈ আহ্বান জনাইছে৷ অর্থাৎ সেইখন সমাজৰ নাডী–নক্ষত্র বুজি পোৱা লোকসকলক সেই দিশত আগবাঢ়িবলৈ কৈছে৷ নিজৰ মানুহখিনিক বুজাবলৈ তেওঁলোকৰ অধিক সুবিধা হ’ব৷ ছাচাৰ কমিটীৰ প্রতিবেদনত এনে এটা বিষয় উল্লেখ কৰা হৈছে৷ প্রতিবেদন অনুসৰি, ৰাজহুৱা ক্ষেত্রখনত মুছলমান লোকৰ প্রতিনিধিত্ব তেনেই তাকৰ৷ স্বাস্থ্য ক্ষেত্রখনত মাথোঁ ৪.৪ শতাংশহে মুছলমান৷ এনে অৱস্থাত ধর্মীয় সমাজখনক নিজ ধর্মীয় লোকৰ প্রতিনিধিয়েহে ভালদৰে পতিয়ন নিয়াব পাৰিব৷
মুখ্যমন্ত্রী ড০ শর্মাৰ আহ্বানক দুই ধৰণে বিশ্লেষণ কৰিব পাৰি৷ এটা তেওঁ প্রতিনিধিত্ব কৰা ৰাজনৈতিক দলটোৰ নীতি–আদর্শক৷ আনটো তেওঁৰ সেই বিশেষ লক্ষ্যটো৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতক নাগপুৰলৈ গৈ সৌজন্যমূলক সাক্ষাতৰ পূর্বে মুকলিকৈ আহ্বানটো জনাইছে৷ সময়খিনি তাৎপর্যপূর্ণ৷ আনটো দিশৰ পৰা চাবলৈ গ’লে, তেওঁৰ বিশেষ লক্ষ্যটোলৈ মনত পৰে৷ মুখ্যমন্ত্রী হোৱাৰ বহু পূর্বৰে পৰা ড০ হিমন্ত বিশ্ব শর্মাই অসমক দেশৰ শীর্ষৰ পাঁচখন ৰাজ্যৰ ভিতৰলৈ উন্নীতকৰণৰ কথা কৈ আহিছে৷ মুখ্যমন্ত্রী হিচাপে কার্যভাৰ লওঁতেও একেখিনি কথাকে দোহাৰিছে৷ অর্থাৎ নিজ লক্ষ্যত যে তেওঁ অবিচল, তাকেই প্রতিপন্ন কৰিছে৷ ৰাজ্যখন দেশৰ ভিতৰতে অগ্রণী হ’ব লাগিলে সর্বাংগীণ বিকাশ অতি জৰুৰী৷ সকলোৰে সম–বিকাশ অবিহনে ৰাজ্যখনে কেতিয়াও উন্নয়নৰ জখলাডাল বগাব নোৱাৰে৷ গতিকে আঁৰৰ কাৰণ যিয়েই নহওক, ইয়াৰ পৰা সামগ্রিকভাৱে ৰাজ্যখন লাভান্বিত হ’ব৷ ইছলামধর্মী সমাজখনে অধিক লাভৰ মুখ দেখিব৷ ইয়াৰ মাজতো প্রশ্ণ এটা হ’ব পাৰে, অকল ইছলাম ধর্মাৱলম্বী লোককে কিয় জন্ম নিয়ন্ত্রণৰ বাবে বিশেষভাৱে আহ্বান জনোৱা হ’ল? ৰাজ্যখনত দুই–এক খিলঞ্জীয়া জনজাতিৰ মাজতো জন্মৰ হাৰ তুলনামূলকভাৱে অধিক৷ তেওঁলোকলৈ কিয় আহ্বান জনোৱা নহ’ল? ইয়াৰ সম্ভাব্য কাৰণ দুটা হ’ব পাৰে৷ জনসংখ্যাৰ আকাৰ আৰু ধর্মীয় বিশ্বাস৷ অসম জম্মু–কাশ্মীৰৰ পিছতে জনসংখ্যাৰ ফালৰ পৰা দেশৰ দ্বিতীয় মুছলমান বসতিপূর্ণ ৰাজ্য৷ গতিকে জনসংখ্যাৰ আকাৰটোৰ সৈতে অর্থনৈতিক–সামাজিকক্ ধৰি সকলো ক্ষেত্রত বিকাশৰ প্রশ্ণটোৰো পৰিসৰ অধিক হ’ব৷ আনটো ধর্মীয়৷ ইছলাম ধর্মাৱলম্বী লোকৰ দৈনন্দিন জীৱনচর্যাৰ সৈতে ধর্মৰ সম্পর্ক এৰাব নোৱাৰাবিধৰ৷ এক কথাত ক’বলৈ গ’লে, ধর্মই তেওঁলোকৰ জীৱন আৰু জীৱনচর্যা৷ ইয়াৰ বিপৰীতে জনজাতীয় সমাজখনৰ প্রাত্যহিক জীৱনত ধর্মৰ নিয়ন্ত্রণ ইছলাম ধর্মাৱলম্বীৰ সমান নহয়৷ অৱশ্যে ইয়াৰ অর্থ এইটো নহয় যে জনজাতীয় সমাজখনে ধর্মক আওকাণ কৰি চলে৷ তদুপৰি জনজাতীয় সমাজখনত শিক্ষাৰ প্রসাৰ ঘটাৰ লগে লগে জন্ম নিয়ন্ত্রণৰ গুৰুত্বও বাঢ়িছে৷ ইছলাম ধর্মাৱলম্বী লোকৰ মাজতো জন্ম নিয়ন্ত্রণক অন্তঃকৰণে মানি লোৱা লোক বহুত৷ কিন্তু তথাকথিত মৌলানা, মাতব্বৰ, দেৱানীৰ হাতোৰাত বন্দী গৰিষ্ঠসংখ্যক ইছলাম ধর্মাৱলম্বীৰ মাজত জন্ম নিয়ন্ত্রণক লৈ আজিও বিদ্বেষ বিৰাজমান৷ ধর্মৰ অপব্যাখ্যাৰে মানুহক বিপথে পৰিচালিত কৰি ৰখা হয়৷
বহুদিন ধৰি দেখি আহিছোঁ, ভাৰতবর্ষত যেতিয়াই জন্ম নিয়ন্ত্রণৰ কথা আহে, ইছলাম ধর্মৰ তথাকথিত ঠিকাদাৰ এচামে প্রথমে আহি ইয়াৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰে৷ যেন নিষিদ্ধ কথা এটাহে উচ্চাৰিত হ’ল৷ জাঙুৰ খাই উঠে৷ তেওঁলোকে ধর্মৰ দোহাই দি, ছালে–বেৰে কোবাই সমগ্র বিষয়টোকে জাবৰেৰে ঢ়াকি থ’ব বিচাৰে৷ এইবাৰো হায়দৰাবাদৰ পৰা এ আই এম আই এমৰ নেতা আছাদুদ্দিন ৱেইছিয়ে চিঞৰিছে৷ অসমত আমছু, এআইইউডিএফৰ নেতালৈকে এচামে বিৰোধিতা আৰম্ভ কৰি সমগ্র বিষয়টো বিপথে পৰিচালিত কৰিব বিচাৰিছে৷ ভাবিলে আচৰিত লাগে যে মুছলমান সমাজখনৰ পৰা বাল্য বিবাহকে ধৰি বিভিন্ন কু–সংস্কাৰৰ বিৰুদ্ধে যুঁজ দি থকা আমছুৰো একাশ নেতাই জন্ম নিয়ন্ত্রণৰ বিষয়টোক ৰাজনৈতিক অভিসন্ধিৰ দোহাই দি অগ্রাহ্য কৰিব বিচাৰিছে৷ অথচ বাল্য বিবাহৰ এটা অন্যতম কুফল হৈছে জন্ম নিয়ন্ত্রণত বাধা৷ বহুতেই আকৌ শিক্ষা–প্রগতি আদিৰ অভাৱৰ বাবে সমাজখন জন্ম নিয়ন্ত্রণৰ ক্ষেত্রত পিছপৰি থকা বুলি অভিযোগ কৰি ইয়াৰ বাবে চৰকাৰক জগৰীয়া কৰিছে৷ কিন্তু এয়াই সকলোনে? তাতকৈ গুৰুত্বপূর্ণ কথাটো হৈছে, শিক্ষা–দীক্ষা, আর্থিক বিকাশৰ অভাৱ আদিৰ অভিযোগকাৰীসকলৰ বুজন অংশ এটাৰ বাবে আজিও সামগ্রিকভাৱে পিছপৰি আছে ইছলাম ধর্মাৱলম্বী লোকসকল৷ জন্ম নিয়ন্ত্রণৰ কথাটো তেওঁলোকে বুজাবলৈ কেতিয়াও চেষ্টা নকৰে৷ হিন্দী বলয়ৰ নেতাসকলে কোৱাৰ দৰে ‘হামাৰা মজহব কে খিলাফ হায়’ অর্থাৎ আমাৰ ধর্মৰ বিপৰীত বুলি মানুহক মূর্খ সজাবলৈ অপচেষ্টাহে কৰে৷
এতিয়া প্রশ্ণটো হ’ল, অসমত সঁচাকৈ জন্ম নিয়ন্ত্রণৰ আহ্বান জনাব পৰাকৈ মুছলমান সমাজখনত অৱস্থা এটাৰ সৃষ্টি হৈছে নেকি? ইয়াৰ পূর্বে দুটামান কথা কৈ থোৱা ভাল হ’ব বুলি বিবেচনা কৰিছোঁ৷ ইছলাম ধর্মাৱলম্বীৰ জন্ম নিয়ন্ত্রণ বা বিভিন্ন বিষয়ত কথা ওলালে প্রথমে এটা শব্দক অস্ত্র হিচাপে ব্যৱহাৰ কৰি আলোচক আহত কৰাৰ অপচেষ্টা চলে৷ সেইটো হ’ল, ইছলামফোবিয়া৷ আমাৰ মনত ইছলামবিদ্বেষ নাই৷ লগতে প্রায় কুৰি শতাংশ মুছলমানে হিন্দুসকলক জনসংখ্যাৰে ঠেলি ভাৰতক এখন ইছলামিক ৰাষ্ট্র ৰূপে গঢ়ি তুলিব, সেইটো থিয়’ৰীকো বিশ্বাস নকৰোঁ৷ এইবোৰ মানুহৰ মাজত অবিশ্বাস–সন্দেহ আৰু সংঘাতৰ বীজ ৰোপণ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ এজন মুছলমানে তিনি–চাৰিজনকৈ বিবাহ কৰাৰ বাবেও জনসংখ্যা বৃদ্ধি পায়, সেইটোকো জনসংখ্যা বৃদ্ধিৰ প্রেক্ষাপটত মানি নলওঁ৷ এজনে বিবাহ নকৰি চাৰিজনে এজনকৈ বিবাহ কৰিলেও তেওঁলোক মাতৃ হ’ব৷ সন্তান জন্ম দিব৷ সমস্যাটো জন্ম দিয়া সন্তানৰ সংখ্যাক লৈ৷ আমাৰ ঘৰত চৰাঞ্চলৰ পৰা আহি বহু লোকে কাম কৰে৷ পুৰুষ–মহিলা সকলোৱে৷ কোনোৱে বাৰীৰ কাম কৰে৷ বেৰ দিয়ে, সৰু সুৰা চালি আদি পাতি দিয়ে৷ দুই–এজন ঘাঁহ কাটিবলৈও আহে৷ সৰু থাকোঁতে দুই–এগৰাকী মহিলাক ঘৰৰ বিভিন্ন কাম যেনে– মজিয়া মচা, কাপোৰ ধোৱা, ধান উতলোৱা আদি কাম কৰা দেখিছিলোঁ৷ তেওঁলোকৰ আয়–উপার্জন কম৷ কিন্তু সন্তান পাঁচ–ছটা৷ লোকৰ ঘৰত বনকৰা হিচাপে যিখিনি আয় কৰে, তাৰে ঘৰখনেই ভালদৰে নচলে৷ সন্তানৰ শিক্ষা–দীক্ষাৰ কথা ভাবিবই নোৱাৰে৷ পিন্ধিবলৈ ভাল কাপোৰ এযোৰ দিব নোৱাৰে৷ থাকিবলৈ ভাল ঘৰ এটা নাথাকে৷ নৈয়ে খহাই থাকে৷ দুবছৰমান যদি ইপাৰে, পিছৰ বছৰত নৈৰ সিপাৰে বসতি স্থাপন কৰে৷ তেনে জীৱনত সুখ–শান্তি, প্রগতি বুলিবলৈ একোৱেই নাথাকে৷ জন্মৰ পৰাই দৰিদ্রতা মূৰত লৈ তেওঁলোক ডাঙৰ–দীঘল হয়৷ ইমান সন্তান জন্ম দিয়াৰ কাৰণ সুধিলে, নেদেখাজনৰ নাম লৈ কথা এটা কৈ দিয়ে৷ তেওঁলোকৰ কষ্টকৰ জীৱন আৰু সন্তানৰ দুৰৱস্থালৈ চালে বৰ বেয়া লাগে৷ আজিৰ তাৰিখতো সমাজখনৰ দুৰৱস্থাৰ ছবিখনৰ সলনি হোৱা নাই৷ দুর্গতি–দুৰৱস্থাৰ মূল কাৰণ উচ্চ হাৰত সন্তান জন্ম৷ আজিকালি জনসংখ্যা বৃদ্ধিক জনবিস্ফোৰণ বুলি কোৱা হয়৷ ইয়াৰ নিয়ন্ত্রণ অবিহনে এটা পৰিয়ালৰ পৰা এখন দেশলৈকে বিকাশৰ স্বপ্ণ দেখাটো অনুচিত৷ কিছুমান কাম ৰাজনীতিৰ পৰা ঊধর্বত থাকি কৰিব লাগে৷ উদাহৰণ দেখুৱাই দিব লাগে যাতে আনে তাক অনুসৰণ কৰি মানৱৰ কল্যাণৰ অর্থে নিজকে উছর্গা কৰিব পাৰে৷

You might also like