নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেৰণা পুথিভঁৰালৰ শিশু আৰু কিশোৰ-কিশোৰী শাখাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ নলবাৰী জিলাৰ বিহামপুৰৰ প্ৰেৰণা পুথিভড়ালৰ শিশু আৰু কিশোৰ-কিশোৰী শাখাৰ ষষ্ঠসংখ্যক প্ৰতিষ্ঠা দিৱস তথা বৰ্ষপূৰ্তি অনুষ্ঠান যোৱা ২৭ ফেব্ৰুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।

পুথিভড়ালটোৰ মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই পতাকা উত্তোলন কৰা আৰু পৰিৱেশ কৰ্মী ভূপেন কুমাৰ দাসৰ গছপুলি ৰোপণেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত মূলতঃ শিশু আৰু কিশোৰ-কিশোৰীৰ দ্বাৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰোৱা হয়।

ইফালে বক্তব্য শিতানত শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মাজত বিজ্ঞানমনস্কতা গঠন কৰাত জোৰ দি পুথিভঁৰালটোৰ জ্যেষ্ঠ পৰিচালক কমল নয়ন মিশ্ৰই কয় যে বিজ্ঞানৰ ক্ৰমবিকাশৰ ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে নানা প্ৰতিকূলতাকো নেওচি বিশিষ্ট অৱদান আগবঢ়াই আহিছে।

মানৱ সভ্যতাৰ সৃষ্টি আৰু বিকাশ বিশ্বব্ৰহ্মাণ্ডৰে এক অন্যতম যুগান্তকাৰী ঘটনা বুলি অভিহিত কৰি তেওঁ আৰু কয় যে আজিৰ সমাজত ধৰ্মৰ নামত বহুতো সাম্প্ৰদায়িক শক্তিৰ উত্থান হৈছে আৰু এই শক্তিক প্ৰতিহত কৰিবলৈ শিশুসকলৰ মগজুত এক বৈজ্ঞানিক চেতনা জাগৃত কৰাৰ প্ৰয়োজনীয়তা আছে ।

 

সভাত উপস্থিত থাকি বৰভাগ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ ধনেশ্বৰ বৈশ্যই শিশু আৰু কিশোৰ-কিশোৰীসকলে ভাৰতীয় সংবিধানৰ মৰ্মকথা জনাত গুৰুত্ব দি কয় যে সাৰ্বভৌম, গণতান্ত্ৰিক, গণৰাজ্য, ধৰ্মনিৰপেক্ষ, সমাজবাদী -এই পাঁচোটা হ’ল প্ৰস্তাৱনাত উল্লেখ থকা মূল শব্দ । তেওঁ এই শব্দকেইটাৰ বিষয়ে বিৱৰি কয় ।

পুথিভড়ালৰ জ্যেষ্ঠ পৰিচালক ভূপেন কুমাৰ দাস, তিলক কুমাৰ শৰ্মাৰ লগতে পৰিচালক নীলোৎপল তালুকদাৰ, তৰালি শৰ্মা, চন্দন দাস আৰু হৃষীকেশ বৰপূজাৰীয়ে বক্তৃতা প্ৰদান কৰা অনুষ্ঠানটোত প্ৰেৰণা পুথিভড়ালৰ সৰুক্ষেত্ৰী আৰু নতুন দেহৰ শাখাৰ মুখ্য পৰিচালকদ্বয় ক্ৰমে নিপন কুমাৰ ডেকা আৰু বনজিত ডেকাই পুথিভড়ালৰ প্ৰাসংগিকতা সম্পৰ্কে বক্তৃতা প্ৰদান কৰে।

সমৱেত কন্ঠত জ্যোতিসংগীত পৰিৱেশনেৰে আৰম্ভ হোৱা সভাখনত হিমাশ্ৰী বৰুৱা, কৃত্তিকা দত্ত আৰু প্ৰাচুৰ্য কৌশিকেও গীত পৰিৱেশন কৰে। অনুষ্ঠানটোত তৃষ্ণা হালৈ, গৰিমা হালৈ, ভাস্বতী কাকতি, অনুষ্কা বৰপূজাৰী, মধুস্মিতা বৰ্মন, কৃষ্টি বৰুৱা, হিমাশ্ৰী বৰুৱা, হিমাদ্ৰী মালাকৰ, পৰী বৰুৱাই নৃত্য পৰিৱেশন কৰাৰ লগতে কবিতা আবৃত্তি কৰে ক্ৰমে কাৰ্ত্তিক বৰ্মন, নিৰঞ্জন ডেকা, ৰাজপ্ৰতীম পাটোৱাৰী, তৃদিশা দত্ত, কৃষ্টিনা দত্ত আৰু ইছা দত্তই।

বিশিষ্ট কবি, নিবন্ধকাৰ আৰু অনুবাদক প্ৰশান্ত কুমাৰ গোস্বামী অনুষ্ঠানটোত উপস্থিত থাকি পুথিভড়াললৈ ভালেমান গ্ৰন্থ দান কৰাৰ লগতে শিশুসকলৰ উদ্দেশ্যে কেইবাটাও সাৰুৱা কথা কয়।

নিশালৈ প্ৰেৰণা পুথিভড়ালৰ শিশু আৰু কিশোৰ-কিশোৰী শাখাৰ সদস্য কুলধৰ হালৈয়ে পৰিচালনা কৰা এটি খুহুতীয়া দৃশ্যই উপস্থিত দৰ্শকক আমোদ দিয়ে । পুথিভঁৰালৰ সদস্য, বিশিষ্ট নাট্যকৰ্মী নয়নমণি বৰ্মনৰ দ্বাৰা ৰচিত আৰু পৰিচালিত তথা পুথিভঁৰালৰ সদস্য হৃষীকেশ বৰপূজাৰী, কাকলি বৰ্মন, অংকুৰণ বৰ্মন, গুঞ্জন প্ৰতীম ভূঞা, কৰবী হালৈ, ইছা দত্ত, তৃষ্ণা হালৈ আদিৰ দ্বাৰা অভিনীত ‘মানুহ’ শীৰ্ষক নাটকখনেৰে পুথিভঁৰালটোৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ অন্ত পৰে।

You might also like