ৱৰ্ল্ড ফুড প্ৰগ্ৰেমলৈ শান্তিৰ নোবেল বঁটা
নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ বিজ্ঞান-সাহিত্যৰ পিছত ঘোষণা কৰা হ’ল শান্তিৰ নোবেল বঁটা। এইবাৰ কোনো ব্যক্তি নহয়, এটা সংস্থাক প্ৰদান কৰা হ’ল সন্মানজনক বঁটা নোবেল। এই সংস্থাটো হ’ল ৱৰ্ল্ড ফুড প্ৰগ্ৰেম।
সাম্প্ৰতিক ক’ৰোনাকালীন পৰিৱেশকে ধৰি সামৰিক সংকট, গৃহযুদ্ধ আদি নানা পৰিস্থিতিগত কাৰণত খাদ্যাভাৱত ভোগাসকলক খাদ্য যোগানকে ধৰি অন্য সাহায্য আগবঢ়োৱাৰ বাবে এই সংস্থাটোক দিয়া হয় শান্তিৰ নোবেল।
ৰয়েল ছুইডিছ একাডেমীয়ে আজি ঘোষণা কৰা অনুসৰি অতি কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও সংস্থাটোৱে নিজৰ দায়িত্ব পালন কৰিছিল। ৰাষ্ট্ৰসংঘৰ অধীনৰ এই সংস্থাটোৱে শান্তিৰ নোবেল বঁটাৰ বাবে ঘোষিত হোৱাত কৃতজ্ঞতা প্ৰকাশ কৰে টুইটযোগে।