নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰণিগুদামৰ জলাহগাৱঁৰ ৰাসত ডাক্তৰৰ বেশত গোপী,সৃষ্টি কৰিলে মহামাৰী ক’ৰোণা ভাইৰাচৰ সজাগতা

ৰাস উৎসৱৰ শুভ উদ্বোধন কৰিলে মণি মাধৱ মহন্তই

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃনগাঁৱৰ পুৰণিগুদাম নিকটৱৰ্ত্তী জলাহগাৱঁত যোৱা নিশা এখন ব্যতিক্ৰমী ৰাস অনুষ্ঠিত হয়।পুৱা বৰবায়ন ধৰণী শইকীয়াৰ নেতৃত্বত ঊষা কীৰ্ত্তন অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পাছতেই উদযাপন সমিতিৰ সভাপতি সুনীল শইকীয়াই ধৰ্মধবজা উত্তোলন কৰে ।ইয়াৰ পাছতেই নামঘৰ প্ৰাংগনৰ পৰা উলিওৱা ভাগৱত শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক গুনাৰাম শইকীয়াই ।সন্ধিয়া গন্ধব বাদন কাৰ্যসূচীৰ পাছতেই নাৰায়ন বৰাৰ পৰিচালনাৰে আৰম্ভ হয় শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা।নগাঁৱৰ পুৰণিগুদাম জলাহগাৱঁৰ নামঘৰত অনুষ্ঠিত হোৱা ৰাসলীলাৰ কিছু ব্যতিক্ৰমী কাৰ্যসূচীয়ে দৰ্শকক বাৰুকৈয়ে আৰ্কষিত কৰে ।মহামাৰী ক’ৰোণা ভাইৰাচৰ বাবে চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনাৰ ১০০% কভিড প্ৰটকল মানি জলাহৰ ৰাইজে উদযাপন কৰিলে ৰাস ।ৰাসৰ গোপীৰ বেশত দেখা পোৱা গ’ল এগৰাকী ডাক্তৰক ।যি গৰাকী গোপী ৰূপী ডাক্তৰে দেখুৱাই গ’ল ক’ৰোণা মহামাৰী ভয়াৱহতা আৰু সজাগতাৰ কথা ।এক কথাত মহামাৰী ক’ৰোণা ভাইৰাচৰ ভয়াৱহতাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে জলাহৰ ৰাইজে এগৰাকী গোপীক ডাক্তৰৰ বেশত নৃত্য কৰাই এক নিৰ্দশন দাঙি ধৰিলে ।আনহাতে এইখন ৰাসত মানি চলা হ’ল সম্পূৰ্ণ কভিড নীতি-নিৰ্দেশনা।

ৰাসস্থলীত প্ৰৱেশৰ পূৰ্বে প্ৰতিগৰাকী লোককেই কৰা হ’ল চেনিটাইজ,জোখা হ’ল তাপমাত্ৰা,লগতে প্ৰতিগৰাকী দৰ্শকৰ মুখে মুখে দেখা পোৱা গ’ল মাস্ক ।মহামাৰীৰ ভয়াৱহতাৰ মাজতেই সকলো সাৱধানতা অৱলম্বন কৰি জলাহৰ ৰাইজে পালন কৰা এই ৰাস উৎসৱভাগ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস,আৰক্ষী বিষয়া কৃষ্ণ কান্ত দলে,বিৰদাও গয়াৰী,সমাজকৰ্মী দীপক ডেকা,খগেন কুমাৰ গায়ন,জেষ্ঠ ব্যক্তি গুনাৰাম শইকীয়া,উপেন শইকীয়া,অৰুণ শইকীয়াৰ লগতে বহু সন্মানীয় ব্যক্তিৰ উপস্থিতিত শুভ উদ্বোধন কৰে প্ৰাক্তন আছু নেতা তথা বৰ্তমান অসম গন পৰিষদ দলৰ নেতা মণি মাধৱ মহন্তই ।ৰাস উৎসৱ উদযাপন সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে সুনীল শইকীয়া আৰু অসীম শইকীয়াই আঁত ধৰা উদ্ধোধনী অনুষ্ঠানত মণি মাধৱ মহন্তই শ্ৰী কৃষ্ণক লৈ সৃষ্টি হোৱা সকলো সংস্কৃতিয়ে হৈছে কৃষ্টি আৰু সেয়ায়ে হৈছে আদি সংস্কৃতি আৰু অন্ত সংস্কৃতি,ইয়াৰে পৰায়ে ভক্তি সংস্কৃতি,আধ্যাত্মিক সংস্কৃতি আৰু আধুনিক সংস্কৃতিৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰি জলাহগাৱঁৰ নামঘৰত অনুষ্ঠিত হব লগা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ শুভ উদ্বোধন কৰে ।উল্লেখ্য যে উক্ত ৰাসলীলাত প্ৰিয়া শইকীয়া আৰু দিশা শইকীয়াই শ্ৰী কৃষ্ণৰ ভাও,তৃষ্ণা হাতী বৰুৱাই ৰাধাৰ ভাও,হিমাদ্ৰী শইকীয়াই শঙ্খচূড়ৰ ভাও নিবেদন কৰাৰ লগতে অন্যান্য কলা-কুশলী সকলে আন আন চৰিত্ৰত অভিনয় কৰে ।আনহাতে আজি নিশালৈ জলাহগাৱঁৰ নামঘৰ প্ৰাংগনতে অঞ্চলৰ বাচকবনীয়া শিল্পী সকলৰ দ্বাৰা অংকীয়া ভাওনা “বঘাসুৰ বধ” মঞ্চস্থ হব।

You might also like