নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত টেক্টৰ বাগৰি চালকৰ মৃত্যু

নিয়মীয়া বাৰ্তা  ৪ ডিচেম্বৰঃ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত পশ্চিম ঢকুৱাখনাৰ মৌখোৱা গাওঁত আজি এক টেক্টৰ দুৰ্ঘটনাত চালক জনৰ থিতাতে ম্‌ত্যু হোৱাত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে ৷ ঘটনাৰ বিবৰণীৰ মতে আজি পুৱাৰ ভাগত মৌখোৱা লেচেৰাই পথেৰে মাটি কঢ়িয়াই থকা এএছ ০৭ চি ৪৮১৮ নম্বৰৰ টেক্টৰ খন কোমল মাটিত বাগৰি পৰি ভাটি জালভাৰী গাওঁৰ স্বগীয় পুস্প কোঁৱৰৰ পুত্ৰ নৰেন কোঁৱৰ ( ২৫ ) নামৰ চালক জনৰ থিতাতে মৃত্যু হয় ৷ ঘটনাৰ খবৰ পোৱাৰ লগে লগেই ততাতৈয়াকৈ সোণাৰি চাপৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহকুমা দণ্ডাধীশৰ উপস্থিতিত মৃ‌তদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ অ সামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

You might also like