নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুবছৰে সম্পূর্ণ নহ’ল পুঠিমাৰী নৈৰ মথাউৰিৰ পুনৰ নির্মাণৰ কাম

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ মথাউৰি নির্মাণকালৰে পৰা কোনোদিনে এচপৰা মাটিও নপৰা হাজো বিধানসভা সমষ্টিৰ মাজেৰে বৈ যোৱা পুঠিমাৰী নৈৰ দুয়োপাৰৰ মথাউৰি যোৱা ২০২০ বর্ষৰ মার্চত পুনৰ নির্মাণত অনুমোদন দিয়া হয়৷ কিন্তু জলসম্পদ বিভাগৰ হাজো উপ–সংমণ্ডলৰ বিষয়া আৰু ঠিকাদাৰৰ চূডান্ত হেমাহিত সর্বসাধাৰণ ৰাইজে যমৰ–যাতনা ভুগি থাকিবলগীয়া হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

উল্লেখ্য যে যোৱাবর্ষত আঠগাঁও, সোণাপুৰ, ৩ নং মনাহকুছি আৰু কচুৱাৰবডীত চাৰিটাকৈ স্থানত পুঠিমাৰী নৈয়ে মথাউৰি ছিঙি সমগ্র হাজো সমষ্টি বুৰাই পেলাইছিল আৰু সমগ্র হাজোবাসীয়ে দুর্বিষহ জীৱন কটাবলগীয়াত পৰিছিল৷ তাৰেই পৰিপ্রেক্ষিতত যোৱাটো বর্ষত নৈখনৰ দুয়োপাৰৰ জৰাজীর্ণ মথাউৰি দুছোৱা পুনৰ নির্মাণত আবণ্টন দিয়া হয়৷ সেইমর্মে ঠিকাদাৰৰ দ্বাৰা মথাউৰি দুছোৱা পুনৰ নির্মাণৰ কাম যোৱা ২০২০ বর্ষৰ মার্চ মাহত শুভাৰম্ভ কৰে যদিও পুনৰ বাৰিষা আহিল৷ কিন্তু আজিও মথাউৰি দুছোৱাৰ পুনৰ নির্মাণৰ কাম আধৰুৱা হৈ আছে৷ একাংশ অঞ্চলত মাটি পেলাইছে যদিও ৰোলাৰ, ড্রেছিং নকৰা আৰু যাতায়াতৰ উপযোগীকৈ ছেণ্ডগ্রেভেলৰ কাম হৈ নুঠাত ফল ভুগিবলগীয়াত পৰিছে সর্বসাধাৰণ ৰাইজে৷ সম্প্রতি এক ধূলিময় পৰিৱেশ আৰু বৰষুণ দিলে বোকাময় হৈ পৰে মথাউৰি৷ মথাউৰি যাতায়াতৰ বাবে অনুপযোগী হৈ পৰে৷

You might also like