নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইহাটা চাৰিআলিৰ চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাছনি পৰীক্ষাত হেতাওপৰা

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চ: ৰাজ্যৰ চৰকাৰী খণ্ডৰ মাধ্যমিক  শিক্ষানুষ্ঠানৰ মানদণ্ডৰ নিৰৱচ্ছিন্ন অৱনমন আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ভয়াৱহ আগ্ৰাসনে ক্ষণে-ক্ষণে বিপদ ঘণ্টাৰ সংকেত দিলেও সকলো প্ৰতিকূল পৰিস্থিতিকেই নেওঁচি আজিও স্বকীয় ধাৰাৰে উজলি থাকিবলৈ সক্ষম হোৱা ৰাজ্যৰ অন্যতম এখন সফল শিক্ষানুষ্ঠান হৈছে কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ বাইহাটা চাৰিআলিৰ আগডলা চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয় । সামগ্ৰিকভাৱে ৰাজ্যৰ নানান সমস্যাৰে জৰ্জৰিত চৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতি অভিভাৱক-ছাত্ৰ-ছাত্ৰীৰ মোহভংগ আৰু ব্যক্তিগত শিক্ষানুষ্ঠানৰ প্ৰতি ধাউতি বাঢ়ি অহাৰ এক উদ্বেগজনক পৰিস্থিতি সৰ্বত্ৰে বিৰাজমান হৈ থকাৰ পিছতো স্ব-প্ৰতিভাৰে এইখন বিদ্যালয়ে চৰকাৰীখণ্ডৰ শিক্ষানুষ্ঠানৰ ধ্বজা বহন কৰি থাকিবলৈ সক্ষম হৈ আহিছে ।যাৰবাবেও আজিও নামভৰ্তিৰ বাবে অভিভাৱক-ছাত্ৰ-ছাত্ৰীয়ে আজিও হেতাওপৰা লগোৱা এক দৃশ্যপট দেখা গ’ল । তাৎপৰ্যপূৰ্ণভাৱে এই শিক্ষানুষ্ঠানত ষষ্ঠ শ্ৰেণীত নাম ভৰ্তিৰ বাবে ৰখা আসনৰ সংখ্যা হৈছে ১০০ । ইয়াৰে ৫৫ জনক ইতিমধ্যে অধ্যয়ণৰত ছাত্ৰ-ছাত্ৰীৰ পৰা নিৰ্বাচন কৰা হৈছে ।অৱশিষ্টখিনিৰ বাবে পাতিব লগা হৈছে বাছনি পৰীক্ষা । এই কাৰণত ৪৫ খন আসনৰ বাবে আজি ইয়াত অনুষ্ঠিত কৰা বাছনি পৰীক্ষাত অৱতীৰ্ণ হয় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী । সমান্তৰাল ভাৱে আগমব ঘটে অভিভাৱকৰো । কাজেই ইয়াত এনেদৰে ৰাজ্যৰ হিচাপত বিৰাট ব্যতিক্ৰমী প্ৰতিচ্ছবি প্ৰতিফলিত হ’ল । কিন্তু যুগে-যুগে ইয়াত ঘটি অহা  শিক্ষকৰ অভাৱহে পূৰণ নহ’ল ।যাৰ কু-পৰিণতিত  বিদ্যালয়খনৰ পৰা একাধিক বিষয় বাতিল কৰিব লগাও হৈছে । ইপিনে,এই কাৰ্যই এনে এখন সফল শিক্ষানুষ্ঠানৰ প্ৰতিও শিক্ষাবিভাগে গুৰুত্ব যে নিদিয়ে সেয়া প্ৰকট হৈ পৰাই নহয়, আন কেতবোৰ বিদ্যালয়ৰ প্ৰতি শিক্ষা বিভাগৰ গুৰুত্ব কি হব পাৰে বুলিও আজি অভিভাৱক সকলে কটাক্ষ কৰে।
You might also like