নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট ছ্যুকাফা সমন্বয় ক্ষেত্ৰ পৰিদৰ্শন সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ

নিয়মীয়া বাৰ্তা, ২ জুন : সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি যোৰহাটৰ স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ পৰিদৰ্শন কৰি আধাৰুৱা হৈ থকা কাম কাজৰ বুজ লয়৷ অহা তিনি মাহৰ ভিতৰত ছ্যুকাফা সমন্বয় ক্ষেত্ৰৰ নিৰ্মিয়মান হৈ থকা সভাগৃহটো সম্পূৰ্ণ কৰিবলৈও বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে৷ ছ্যুকাফা সমন্বয় ক্ষেত্ৰখনক শক্তিশালি ৰূপত গঢ় দি উত্তৰ পূৰ্বাঞ্চলত স্বাভিমানৰ প্ৰতিক ৰূপে চিহ্নিত কৰিবলৈ চেষ্টা কৰিব বুলি তেওঁ আশ্বাস প্ৰদান কৰে৷ সমন্বয় ক্ষেত্ৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয়ৰ বিষয়ববীয়া সকলৰ লগত এখন পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰে৷

পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ লগত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ, জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকল আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্হিত থাকে৷

You might also like