নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত অগপ প্ৰাৰ্থী বিষ্ণু দাসৰ শক্তি প্ৰদৰ্শন 

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম দিনটোত আজি বিশাল বাইক ৰেলীৰে ৰহা সমষ্টিত চমক সৃষ্টি কৰিলে মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী বিষ্ণু দাসে। আজি দিনৰ বাৰ বজাত ৰহা ক্ৰীড়া সন্থা খেলপথাৰৰ পৰা শতাধিক বাইক আৰু সৰু-বৰ বাহনেৰে ৰহা টাউনৰ পৰা আৰম্ভ কৰি ৰণথলি, ফুলগুৰি, শালমৰা, ঘাঁহী, দক্ষিণজাগীয়াল, দীঘলদৰি, চহৰী, চাপৰমুখ, আমতলা, বগলাজান, মাগুৰগাঁও আদিকে ধৰি সমষ্টিটোৰ পঞ্চায়তে পঞ্চায়তে বৃহত ৰেলীৰে ভোটাৰক চমক দিবলৈ চেষ্টা কৰে।

এই ৰেলীত বিষ্ণু দাসক সংগ প্ৰদান কৰে অগপৰ নেতা তথা তেজপুৰৰ প্ৰাৰ্থী পৃথ্বিৰাজ ৰাভাই। ৰেলীৰ সময়চোৱাত সাংবাদিকৰ আগত নিজৰ বক্তব্য ৰাখি ৰহাৰ অগপ প্ৰাৰ্থী বিষ্ণু দাসে কয় যে নিশ্চিতভাৱে ৰহা সমষ্টিত অগপ তথা মিত্ৰজোঁটে জয় লাভ কৰিব। সমষ্টিত অগপ মিত্ৰজোঁটক সকলো ভোটাৰে আদৰি লৈছে বুলি উল্লেখ কৰি জয়ী হোৱাৰ পাছত সমষ্টি উন্নয়নৰ বাবে এশ শতাংশ নিষ্ঠাৰে দায়িত্ব পালন কৰিব বুলিও কয়।

উক্ত ৰেলীত বিষ্ণু দাসক সংগদান কৰে তেজপুৰ বিধান সভা সমষ্টিৰ প্ৰাৰ্থী পৃথ্বিৰাজ ৰাভাই। অন্যহাতেদি কংগ্ৰেছ দলৰ ভেটি কঁপাই দলত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ৰহা প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাসে। উল্লেখ্য যে কংগ্ৰেছ দলৰ অন্যতম টিকট দাবীদাৰ গুণেশ্বৰ দাসে ২০০৬ চনত ইউডিএফ দলৰ পৰা বিধায়ক হিচাপে জয়ী হৈ ২০১৭ চনত কংগ্ৰেছ দলত যোগদান কৰিছিল।

পাছলৈ কংগ্ৰেছ দলৰ পৰা ৰহা সমষ্টিৰ অন্যতম দাবীদাৰ হিচাপে দলীয় কাম-কাজ চলাই থকাৰ পাছত প্ৰাক্তন বিধায়কগৰাকীক নসাৎ কৰি শশীকান্ত দাসক টিকট প্ৰদান কৰাত তীব্ৰ অসন্তুষ্ট হৈ নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হয়। বিগত ১৫ বছৰ কাল ৰাজনৈতিক ক্ষেত্ৰত অতি সক্ৰিয় হৈ থকা গুণেশ্বৰ দাসে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাত কংগ্ৰেছ আৰু অগপৰ শিবিৰত যথেষ্ট ব্যাঘাত জন্মাই কিংমেকাৰত পৰিণত হৈছিল।

পাছে তেনে সময়তে নিৰ্বাচনৰ ভোট গ্ৰহণলৈ মাজত মাথোঁ এটা দিন বাকী থকাৰ সময়ত গুণেশ্বৰ দাসে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰাত কংগ্ৰেছৰ বাবে বৃহত প্ৰত্যাহ্বান হৈ পৰিছে। প্ৰাক্তন বিধায়কগৰাকীয়ে গুৱাহাটীত আনুষ্ঠানিকভাৱে যোগদান কৰিয়ে ৰহাত চলি থকা অগপৰ বাইক ৰেলীত অংশগ্ৰহণ কৰে।

উক্ত বাইক ৰেলীত অংশগ্ৰহণ কৰি প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ৰকিবুল হুছেইন, প্ৰদ্যুত বৰদলৈ আৰু ৰিপুণ বৰাই দলীয় টিকটৰ ক্ষেত্ৰত যি প্ৰতাৰণা কৰিলে তাৰ পোটক তুলিবলৈ অগপৰ প্ৰাৰ্থী বিষ্ণু দাসক সমৰ্থন আগবঢ়োৱা বুলি মন্তব্য কৰে।

লগতে আৰু কয় যে অগপৰ লগত নিৰ্দলীয়ৰ কিং ফাইটিং হ’বলৈ গৈ আছিল আৰু এইদৰে গৈ থাকিলে কংগ্ৰেছে সুবিধা গ্ৰহণ কৰিব।সেহে সমষ্টিটোত কোনো কাৰণতে কংগ্ৰেছ দলক জয়ী হ’বলৈ সুবিধা নিদি নিৰ্দলীয় প্ৰাৰ্থিত্ব বাদ দি অগপৰ বিষ্ণু দাসক সমৰ্থন আগবঢ়াইছে বুলি মন্তব্য কৰি ইতিমধ্যে তেওঁৰ সমৰ্থকসকলক অগপক ভোট দিবলৈ আহ্বান জনায়।

মন কৰিবলগীয়া যে কংগ্ৰেছ ত্যাগী সমষ্টিত বিশেষ প্ৰভাৱ থকা প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাসৰ বিজেপি গমনে অগপক কিছু পৰিমাণে হ’লেও সহায় কৰিব যদিও কংগ্ৰেছক যথেষ্ঠ পৰিমাণে ক্ষতি কৰা সম্ভাৱনা দেখা গৈছে।

You might also like