নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰমাকান্ত দেউৰীৰ পুত্র–পৱন মান্তাসহ হাইপ্রফাইল প্রার্থীৰ মনোনয়ন

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ তিৱা স্বায়ত্ত পৰিষদৰ ১৭ ডিচেম্বৰত অনুষ্ঠিতব্য নির্বাচনৰ  মনোনয়ন–পত্র দাখিল পর্বত মৰিগাঁও নগৰ প্রকাৰান্তৰে বিভিন্ন ৰাজনৈতিক দলৰ উমৈহতীয়া গণসমাৱেশৰ কেন্দ্র হৈ পৰে৷ ৰাজ্যৰ শাসক দল বিজেপি, মিত্রদল অগপ, বিৰোধী কংগ্রেছ, তিৱা ঐক্যমঞ্চ, আম আদমী পার্টীৰ সমর্থকসকলে নিজা প্রার্থীৰ সমর্থনত সমদল কৰি ধ্বনি দি উত্তাল কৰি তোলে মৰিগাঁৱৰ ৰাজপথ৷ লক্ষণীয় যে কোনোটো দলেই বিশৃংখল সৃষ্টি কৰা নাছিল যদিও ক’ভিড প্রট’কলক কোনেও গুৰুত্ব দিয়া দেখা নগ’ল৷ দুপৰীয়াৰ সময়ছোৱাত মৰিগাঁৱৰ উপায়ুক্ত কার্যালয়ৰ চৌদিশ লোকাৰণ্য হৈ পৰে৷ ৩৬জন নির্বাচিত সদস্য সম্বলিত তিৱা পৰিষদত মৰিগাঁও জিলাৰ ১৯খন আসনৰ বাবে মনোনয়ন–পত্র গ্রহণ আজি আৰম্ভ হৈছে আৰু ২৮ নৱেম্বৰলৈ এই প্রক্রিয়া চলিব৷

উল্লেখ্য যে ৰাজ্য চৰকাৰত বিজেপি, অগপ মিত্রদল যদিও তিৱা নির্বাচনত দুয়োটা দল পৰস্পৰ প্রতিদ্বন্দ্বী৷   দুজন প্রাক্তন মুখ্য কার্যবাহী সদস্যই মনোনয়ন–পত্র দাখিল কৰিছে৷ তেওঁলোক হৈছে তিৱা পৰিষদৰ দ্বিতীয়গৰাকী মুখ্য কার্যবাহী সদস্য তথা মৰিগাঁও কলেজৰ অৱসৰপ্রাপ্ত উপাধ্যক্ষ তিৱা ঐক্যমঞ্চৰ প্রার্থী চিদাম দেউৰী আৰু দ্বিতীয়গৰাকী হৈছে সদ্যপ্রাক্তন মুখ্য কার্যবাহী সদস্য পৱন মান্তা৷ চিদাম দেউৰীয়ে জনাইছে যে তিৱা ঐক্যমঞ্চই ১৪খন আসনত প্রতিদ্বন্দ্বিতা কৰিব৷

ইফালে, এই নির্বাচনত বিশেষ চমক দিছে ৰাজ্যৰ শাসক দল বিজেপিয়ে৷ তিৱা জাতীয় সংগ্রামৰ শীর্ষস্থানীয় নেতা অৱসৰপ্রাপ্ত অধ্যাপক তুলসী বৰদলৈক বিজেপিৰ টিকট দিয়া কার্যই তিৱা পৰিষদ এলকাত ৰাজনৈতিক আলোড়ন তুলিবলৈ সক্ষম হৈছে৷ বৰদলৈয়ে নখোলা সমষ্টিৰ পৰা মনোনয়ন–পত্র দাখিল কৰিছে৷ আন এগৰাকী নেতা প্রণৱজ্যোতি মছৰঙক জোঙাল বলহু সমষ্টিত প্রার্থিত্ব দি বিজেপিয়ে তিখৰ কূটনীতিৰ পৰিচয় দিছে৷ আজি বিজেপিৰ ১৪জন প্রার্থীয়ে মনোনয়ন–পত্র দাখিল কৰে৷ তিৱা পৰিষদৰ প্রাক্তন অধ্যক্ষ খগেন চন্দ্র বৰদলৈয়ে তেতেলীয়া, প্রাক্তন কার্যবাহী সদস্য জীৱন কোঁৱৰে কোঁৱৰগাঁও সমষ্টিত, মৰিগাঁৱৰ বিধায়ক ৰমাকন্ত দেউৰীৰ পুত্র মদন দেউৰীয়ে চাৰিপুনিয়া চাবুকধৰা সমষ্টিৰ বাবে মনোনয়ন–পত্র দাখিল কৰিছে৷ মৰিগাঁৱৰ ১৯খন আসনৰ ভিতৰত কংগ্রেছ দলে প্রতিদ্বন্দ্বিতা কৰিব ১৮খনত৷ গড়মাৰী আসনত অগপৰ লগত বুজাবুজি হৈছে৷  কংগ্রেছৰ ১৪জনে মনোনয়ন–পত্র দাখিল কৰিছে৷

উল্লেখ্য যোৱা তিৱা পৰিষদৰ সদস্য নৰোত্তম ডেকাই শ’লমাৰী সমষ্টিত, নিতুল কোঁৱৰে ভূৰবন্ধাত পুনৰ কংগ্রেছৰ টিকট লাভ কৰিছে৷ তিৱা পৰিষদত অগপ দলে ৯খন আসনত প্রতিদ্বন্দ্বিতা কৰিব৷ মৰিগাঁও জিলাৰ দমালত নীৰজ বৰদলৈ, গড়মাৰীত ৰুণামণি বৰোদাস, বিহুবৰীত গৌৰী মান্তা, ঘগুৱাত মণ্টু বৰদলৈ, জমাদাৰীত অনুপ পাটৰ, বৰঙণিত মনোজ পাটৰে অগপৰ টিকট লাভ কৰিছে৷ চাৰিপুনিয়া চাবুকধৰাতো অগপই প্রতিদ্বন্দ্বিতা কৰিব৷ ইফালে আম আদমী পার্টীয়ে ২০খন আসনত প্রতিদ্বন্দ্বিতা কৰিব৷ মনোনয়ন–পত্র দাখিলৰ প্রথম দিনাই সমর্থকৰ সমাগমে বিধানসভা নির্বাচনৰ অভিলেখক চেৰ পেলাইছে৷

You might also like