নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ নেতা মুলায়ম সিং যাদৱৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰঃ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ দেহাৱসান। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ। সোমবাৰে পুৱা প্ৰায় ৮:৩০ বজাত গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস লয় মুলায়ম সিং যাদৱে। একাধিক শাৰীৰিক ৰোগত আক্ৰান্ত হৈ থকাত ২২ ছেপ্টেম্বৰত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। আঞ্চলিক ৰাজনীতিৰ এগৰাকী মহান ব্যক্তিত্বৰ মৃত্যুত দেশজুৰি শোকৰ ছাঁ পৰিছে।

১৯৩৯ চনৰ নৱেম্বৰ মাহত উত্তৰ প্ৰদেশৰ এটোৱাত জন্মগ্ৰহণ কৰিছিল মুলায়ম সিং যাদৱে। তেওঁ অধ্যয়নৰ জৰিয়তে আগবাঢ়ি যাব বিচাৰিছিল। কেৱল ৰাজনীতি বিজ্ঞানতে তেওঁৰ তিনিটাকৈ ডিগ্ৰী আছে। তাৰ পিছত ৰাজনীতিত প্ৰৱেশ কৰি তিনিবাৰকৈ- ১৯৮৯, ১৯৯৩ আৰু ২০০৩ চনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল। পৰৱৰ্তী সময়ত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি মইনপুৰী সমষ্টিৰ সাংসদ হৈছিল। তেওঁ অটল বিহাৰী বাজপেয়ীৰ কেবিনেটতো প্ৰতিৰক্ষা মন্ত্ৰী আছিল। যোৱা লোকসভা নিৰ্বাচনত অৰ্থাৎ ২০১৯ চনত মাইনপুৰীৰ পৰা সাংসদ হৈছিল মুলায়ম সিং যাদৱ।

ৰাজনৈতিক কেৰিয়াৰত হাজাৰ সফলতা লাভ কৰাৰ পাছতো সমাজবাদী পাৰ্টিৰ সুপ্ৰিম’ই সৃষ্টি কৰা দলটোৰ পৰিয়ালকেন্দ্ৰিক আৰু ৰাজনীতিৰ মাজত একাধিক সমস্যাই জুৰুলা কৰিছিল।

You might also like