নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াৰ ই-ৰিক্সা চালকক নিচাযুক্ত দ্ৰব্য খুৱাই লুট দুৰ্বৃত্তৰ

নিয়মীয়া বাৰ্তা ১৮ অক্টোবৰ:-ৰঙিয়াৰ ই-ৰিক্সা চালকক নলবাৰীত নিচাযুক্ত দ্ৰব্য খুৱাই লুট । ই-ৰিক্সা চালকজনক আক্ৰমণ কৰি দুৰ্বৃত্তই ই-ৰিক্সাসহ মোবাইল ফোন আৰু নগদ ধন লুটি নিয়ে । ই-ৰিক্সাখনত যাত্ৰী ৰূপী ৩ দুৰ্বৃত্তৰ দলে নলবাৰী জিলাৰ লোহাৰকাঠা আদাবাৰীত সংঘটিত কৰিলে এই কাণ্ড । দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ৰঙিয়াৰ ধুহিৰ ই-ৰিক্সা চালকজন হৈছে ফজল আলী । যাত্ৰী ৰূপী দুৰ্বৃত্তৰ দলে ই-ৰিক্সাখন ভাড়ালৈ নি প্ৰথমে নিচা জাতীয় দ্ৰব্য খুৱাই চালকজনক । তাৰ পিছত চালকজনৰ পৰা সকলো সামগ্ৰী লুট-পাট কৰাৰ চেষ্টা চলায় । কিন্তু চালকজনে ই-ৰিক্সা দিবলৈ অমান্তি হোৱাত দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰে । এনে অতৰ্কিত আক্ৰমণত চালকজন গুৰুতৰভাৱে আহত হোৱাৰ পিছত ই-ৰিক্সা সহ নগদ ধন আৰু মোবাইল কাঢ়ি নি তাৰ পৰা দলটো উধাও হয় । পিছত পথৰ দাঁতিত পৰি থকা অসুস্থ চালকজনক আৰক্ষীয়ে স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰায় । পিছত আহত যুৱকজনক ৰঙিয়া থানালৈ আনি ঘটনা সন্দৰ্ভত পৰিয়ালে আৰক্ষীক অৱগত কৰে ।

You might also like