নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান আৰক্ষী থানাৰ পৰাই পলাল গভাইত চোৰ 

নিয়মীয়া বাৰ্তা , ১৮ অক্টোবৰ — দুলীয়াজান আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতা ! আৰক্ষীৰ বেহু ভাঙি থানাৰ পৰাই পলাল গভাইত চোৰ । দেওবাৰে নিশা থানাৰ পৰাই পলায়ন কৰে বিষ্ণু থাপা (২৩) নামৰ চোৰটো । প্ৰাপ্ত খৱৰ অনুসৰি তিনিচুকীয়া ফিল’বাৰী অঞ্চলৰ বিষ্ণু থাপা নামৰ যুৱকজনে দুলীয়াজান দ’ হুকুটা অঞ্চলত এটা ভাড়া কোঠাত থাকি দীৰ্ঘদিনৰ পৰা অঞ্চলটোত চৌৰ্যবৃত্তিত লিপ্ত হৈ আহিছিল । স্হানীয় লোকে কালি নিশা যুৱকজনক হাতে-লোটে ধৰি দুলীয়াজান আৰক্ষী থানাত গতাই দিছিল যদিও আৰক্ষীৰ সোপাঢিলা স্বৰূপৰ বাবেই একেনিশাই আৰক্ষী সন্মুখৰ পৰাই চোৰ পলাই যাবলৈ সক্ষম হয়। বৰ্তমান পলাতক চোৰটো কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে মাৰাথন অভিযান চলাই আছে।

You might also like