নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৮১ বছৰীয়া পৰম্পৰাৰে মাজুলীত আৰম্ভ ৰাস মহোৎসৱ

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ দ্বিতীয় বৃন্দাবন, মথুৰাত পৰিণত হৈছে মাজুলী৷ সত্রভূমিত দুপৰনিশালৈকে চলা কৃষ্ণ জন্ম আৰু শংখচূড় বধৰ আখৰাই দেওবাৰৰে পৰা মঞ্চত পাইছে পূর্ণাংগ ৰূপ৷ সত্রীয়া সংস্কৃতিৰ প্রাণকেন্দ্র মাজুলীৰ প্রধান ধর্মীয় উৎসৱ শ্রীকৃষ্ণৰ ৰাস মহোৎসৱক লৈ এতিয়া জিলাখনৰ সর্বত্র উদুলি–মুদুলি পৰিৱেশ৷ শাৰদীয় উৎসৱৰ মহা আয়োজনেৰে দেওবাৰৰ পৰা ২ ডিচেম্বৰলৈকে চাৰিদিনীয়া কার্যসূচীৰে হ’ব শ্রীকৃষ্ণৰ সম্পূর্ণ ৰাসলীলা৷

দেশী–বিদেশী পর্যটক তথা ভক্ত–দর্শকৰ পৰা সদায়েই বিপুল সমাদৰ লাভ কৰা ৰাস মহোৎসৱ এইবছৰো পর্যটকৰ আকর্ষণীয় হোৱাকৈ আৰু দর্শকৰ পৰা সমাদৰ লাভৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ নতুন কাৰিকৰী কৌশল অৱলম্বন কৰা হৈছে৷ অৱশ্যে ক’ৰোনা পৰিস্থিতিৰ বাবে বিগত বর্ষৰ তুলনাত এইবাৰ পর্যটক কমিছে৷ যোৱাবছৰৰ দৰে এইবাৰো মাজুলীৰ ৰাসক শ্রীৰাম বনমালীৰ মহিলা ৰাসে অনন্য মাত্রা প্রদান কৰিব৷ মাজুলীত ৰাস মহোৎসৱ উদ্যাপন হৈ অহাৰ পৰাই পুৰুষসকলেই ৰাসৰ কংসালয়, নন্দালয় আদিত অভিনয় কৰি আহিছে৷ কিন্তু এই সকলো ৰাস মঞ্চতকৈ সুকীয়া শ্রীৰাম বনমালীৰ মহিলা ৰাস৷

যোৱাবর্ষৰ পৰা এই মঞ্চত মহিলাসকল পিছ পৰি নাথাকি সম্পূর্ণ ৰাস মহিলাৰ অভিনয়েৰে উদ্যাপিত হৈ আহিছে৷ মহিলা কংসৰ অট্টহাস্য, সেনাপতি কালকেটুৰ উদ্দাম স্বৰূপ, বাসুদেৱ–দৈৱকীৰ কৰুণ বিননিৰ প্রতিফলন, মহিলা নন্দ, যশোদাৰ পুত্রপ্রেম, কৃষ্ণপ্রেমে মুগ্ধ কৰি আহিছে দর্শকক৷ ৰাজ্যখনৰ প্রেক্ষাপটত এইখনেই হয়তো একমাত্র মহিলা ৰাস৷ এইবাৰ তৃষ্ণা মেধি হাজৰিকাই কংস, মণিক্ষা খনিকৰ মেধিয়ে কালকেটু, পৰীস্মিতা বৰুৱাই দৈৱকী আৰু নিভা বৰাই বাসুদেৱৰ ভাৱত অভিনয় কৰাৰ উপৰি পিংকুমণি বৰা শইকীয়াই মহাৰাসৰ কৃষ্ণ, জোনমণি হাজৰিকা কলিতাই ৰাধাৰ ৰূপেৰে মঞ্চত দর্শকক আকর্ষণ কৰিব৷ ইফালে, অতিথিক আদৰিবলৈ সাজু হৈছে জিলাখনৰ তিনি শতাধিক গাঁৱৰ জনসাধাৰণ৷ ১৮১ বছৰত ভৰি দিয়া দক্ষিণপাট সত্রৰ ৰাস উৎসৱক লৈ সত্রখনলৈ আগমন ঘটিছে শ শ দর্শনার্থীৰ৷ ৰাস অভিনয়ৰ লগতে ৰাস পূজাৰে একক সত্রখনত আধ্যাত্মিক পৰম্পৰাৰে আৰম্ভ হয় ৰাস৷

You might also like