নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰতনপুৰ মিৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৩০ খন বিচনাযুক্ত আদৰ্শ চিকিৎসালয়লৈ উন্নীত কৰাৰ দাবী

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ উজনি মাজুলীৰ ৰতনপুৰ মিৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি ৩০ খন বিচনাযুক্ত আদৰ্শ চিকিৎসালয়লৈ উন্নীত কৰাৰ বাবে দাবী জনাইছে উজনি মাজুলীবাসীয়ে৷ উল্লেখ্য যে উজনি মাজুলীৰ প্ৰায় ৩৫-৪০ খন গাঁৱৰ জনসাধাৰণৰ উপৰি লখিমপুৰ জিলাৰ মাজুলীৰ দাতিকাষৰীয়া ঢকুৱাখনা মহকুমাৰো প্ৰায় ২০-২৫ খন গাঁৱৰ জনসাধাৰণে উক্ত ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয় যদিও স্বাস্থ্য কেন্দ্ৰটোত পৰ্যাপ্ত সুবিধা নথকাত বহু সমস্যাৰ সন্মুখীন হ’ব লগা হয় ৰোগীসকল৷ ইফালে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে বিশেষ ৰোগাক্ৰান্ত জৰুৰীকালীন ৰোগীক তাৎক্ষনিক চিকিৎসা সেৱা পাব পৰাকৈ কেন্দ্ৰটোত কোনো ধৰণৰ সু-ব্যৱস্থা নথকাত সমীপৱৰ্তী যোৰহাট, ধেমাজি, ডিব্ৰুগড় আৰু গুৱাহাটী আদি ঠাইলৈ নিব লগাত পৰে৷ ফলত কেতিয়াবা নাৱত, কেতিয়াবা ভাৰা কৰি নিয়া গাড়ীতে ৰোগীয়ে অকাল মৃত্যুক সাবতি ল’ব লগা হয়৷

ইয়াৰোপৰি কেন্দ্ৰটোত জৰুৰীকালীন, আপাদকালীন সময়ত ৰোগীক চিকিৎসালয়লৈ অনা-নিয়া কৰাৰ বাবে স্থায়ী এম্বুলেন্স নথকা, কৰ্মৰত চিকিৎসা কৰ্মীৰ অভাৱ, প্ৰসূতি আৰু শিশু আদি বিভাগৰ ডাক্টৰৰ অভাৱে বাৰুকৈয়ে সমস্যাত পেলাইছে৷ স্মৰ্তব্য যে বিগত সময়ত স্থানীয় জনসাধাৰণ, বিভিন্ন দল-সংগঠনে স্বাস্থ্য কেন্দ্ৰটি ৫০ খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰিবলৈ চৰকাৰক দাবী জনাই আহিছে যদিও বৰ্তমানেও চৰকাৰ কিম্বা স্বাস্থ্য বিভাগে দীৰ্ঘদীনে ভূগি থকা চিকিৎসা সম্পৰ্কীয়া জ্বলন্ত সমস্যাসমূহ সমাধানৰ বাবে কোনোধৰনৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ অঞ্চলটোৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰাৰ বাবে বিগত ১৯৮৯ চনতে স্থাপন কৰা ৰতনপুৰ মিৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি ৩০ খন বিচনাযুক্ত আদৰ্শ চিকিৎসালয়লৈ উন্নীত কৰাৰ লগতে এখন স্থায়ী এম্বুলেন্স, পৰ্যাপ্ত চিকিৎসাকৰ্মী নিযুক্তি দিয়াৰ লগতে বিভিন্ন সমস্যা সম্বলিত এখনি স্মাৰক পত্ৰ উজনি মাজুলীৰ জনসাধাৰণে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তলৈ প্ৰেৰণ কৰিছে৷ বিষয়টো সন্দৰ্ভত ৰাজ্যৰ দক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি সমস্যাসমূহ সমাধানৰ বাবে আহ্বান জনাইছে উজনি মাজুলীবাসীয়ে৷
ৰূপজ্যোতি বৰা, নতুন বজাৰ

You might also like