নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বায়ুসেনাত অসমৰ প্রথম মহিলা উইং কমাণ্ডাৰ লখিমপুৰৰ বর্ণালী গগৈ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: বর্ণালী গগৈ৷ লখিমপুৰ নগৰৰ নকাৰীৰ দুই নং ৱার্ড নিৱাসী প্রয়াত প্রেমধৰ গগৈ আৰু অঞ্জলি (ইলা) গগৈৰ সাতটি সন্তানৰ দ্বিতীয় বর্ণালী গগৈক লৈ এতিয়া কেৱল লখিমপুৰ জিলাই নহয়, সমগ্র ৰাজ্যই গৌৰৱবোধ কৰিছে৷ ভাৰতীয় বায়ুসেনাত তেওঁ অসমৰ পৰা প্রথম মহিলা উইং কমাণ্ডাৰ ৰূপে সাহসেৰে সেৱা আগবঢ়াইছে৷

সৰুৰে পৰা অতি মেধাৱী তথা ক্রীড়া, সাংস্কৃতিক আদি সকলো দিশতে পটু বর্ণালীয়ে ১৯৯৬ চনৰ ২৭ মে’ত বায়ুসেনাত পাইলট অফিচাৰ ৰূপে যোগদান কৰিছিল৷ যোগদানৰ পিছৰ পৰাই তেওঁ মেধা আৰু একাগ্রতা তথা কর্মনিষ্ঠাৰ বাবে দোপতদোপে আগুৱাই যাবলৈ ধৰিলে৷ পাইলট অফিচাৰৰ পিছত ফ্লায়িং অফিচাৰ, ফ্লাইট লেফটেনেণ্ট আদি পদলৈ পদোন্নতি হোৱাৰ পিছত কিছুদিনৰ পূর্বে অসমৰ পৰা প্রথম মহিলা হিচাপে উইং কমাণ্ডাৰ পদত যোগদান কৰে৷ ১৯৮৫ত তেওঁ যোৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্রিকত ১৬সংখ্যক স্থান লাভেৰে উত্তীর্ণ হোৱাৰ পিছত কটনত বিজ্ঞান বিষয়ত অধ্যয়ন কৰিছিল৷

পৰৱর্তী সময়ত তেওঁ অসম ইঞ্জিনীয়াৰিং কলেজৰ পৰা ইলেক্ট্র’নিক্স এণ্ড টেলি কমিউনিকেচনত অভিযন্তা হিচাপে প্রথম শ্রেণীৰ প্রথম হৈ সোণৰ পদক লাভ কৰিছিল৷ বিৰলা ইনষ্টিটিউট এণ্ড টেকন’লজী ছায়েঞ্চ প্রতিষ্ঠানৰ পৰা তেওঁ এমটেক ডিগ্রী গ্রহণ কৰে৷ বায়ুসেনাত কর্তব্যপৰায়ণতাৰ বাবে তেওঁ দুবাৰকৈ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ ২০০২ বর্ষত তেওঁ ৰাষ্ট্রপতিৰ বঁটা পাবলৈও সক্ষম হয়৷

You might also like