নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ লাখ ৪৫ হাজাৰৰ পৰা আকর্ষণীয় ৰেন’ল্ট কাইগৰ

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ একেবাৰে নতুন ৰূপত তথা অদ্বিতীয় আবিষ্কাৰৰ প্রতিশ্রুতি পূৰণ কৰি ৰেন’ল্টে ১৫ ফেব্রুৱাৰীত একেবাৰে নতুন কাৰ ৰেন’ল্ট কাইগৰৰ মূল্য নির্ধাৰণৰ ঘোষণা কৰে৷ এতিয়া ইয়াৰ মূল্য (এক্স শ্ব’ৰূম) পাঁচ লাখ ৪৫ হাজাৰ টকাৰ পৰা আৰম্ভ হৈছে৷ এনেধৰণৰ অতুলনীয় মূল্য নির্ধাৰণৰ লগতে ৰেন’ল্ট কাইগৰ নিশ্চিতভাৱে বি এছ ইফ ভি ছেগমেণ্টত গতিশীলতা আনিবলৈ সম্পূর্ণৰূপে প্রস্তুত৷ ফ্রান্স আৰু ভাৰতীয় টীমে একেলগে মিলি ৰেন’ল্ট কাইগৰৰ নির্মাণ কৰিছে৷ ভাৰতবর্ষত বিকশিত তথা নির্মিত এই বাহনখন বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰা হ’ব৷ প্রথমতে ভাৰতীয় গ্রাহকসকলক এই বাহন উপলব্ধ কৰোৱা হ’ব৷ সম্পূর্ণ ভাৰতবর্ষত ৰেন’ল্টৰ পাঁচশতকৈ অধিক ছেলছ আউটলেটৰ ডীলাৰশ্বিপত ৰেন’ল্ট কাইগৰৰ বুকিং কালিৰে পৰা আৰম্ভ হৈছে৷

গুৱাহাটী মহানগৰীৰ সৰুসজাইস্থিত ৰেন’ল্টত অসমীয়া চিনেমাৰ মোহময়ী অভিনেত্রী নিশিতা গোস্বামীয়ে আজি ইয়াৰ আৰম্ভ কৰে৷ স্প’টী আৰু মস্কুলৰ এলিমেণ্টছৰ কাৰণে ইয়াৰ আকর্ষণীয় ডিজাইন আৰু সুন্দৰ হৈ উঠিছে৷ ৰেন’ল্ট কাইগৰৰ ভিতৰৰ অংশত উন্নত টেকন’লজী, আৰামদায়ক কর্মক্ষমতা আৰু অধিক ঠাই উপলব্ধ কৰা এক স্মার্ট কেবিন আছে৷ ৰেন’ল্ট কাইগৰত নতুন টর্বোচাজর্ড ১.০ এল পেট্র’ল ইঞ্জিন লগোৱা হৈছে৷ ৰেন’ল্ট কাইগৰ ইঞ্জিন দুটা বিকল্পৰ প্রথমটো ১.০ এল আৰু দ্বিতীয়টো ১.০ এল টর্বো৷ গ্রাহকসকলে ৰেন’ল্ট কাইগৰৰ চাৰিটা প্রকাৰ আৰ এক্সই, আৰ এক্স এল, আৰ এক্স টি আৰু আৰ এক্স জেড লাভ কৰিব৷

You might also like