জ্যেষ্ঠ সাংবাদিক পদ্মেশ্বৰ চিত্রকৰৰ বিয়োগ
নিয়মীয়া বাৰ্তা, ৭ মে’ : ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক পদ্মেশ্বৰ চিত্রকৰৰ আজি দেহাৱসান ঘটে৷ দীর্ঘদিন ধৰি অসুস্থতাত ভুগি গুৱাহাটীৰ পলিক্লিনিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও বুধবাৰে চিকিৎসালয়তে প্রায় ৬২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷
শিৱসাগৰ জিলাৰ শিমলুগুৰিত জন্মলাভ কৰা পদ্মেশ্বৰ চিত্রকৰে ১৯৮৮ চনৰ পৰা সাংবাদিকতাৰ ক্ষেত্রখনত জড়িত আছিল৷ ১৯৮০ চনতে ‘আমাৰ প্রগতি’ নামৰ সাপ্তাহিক কাকতৰ সৈতে জড়িত হৈ পৰা চিত্রকৰে ১৯৮৪ চনত হিন্দী সাপ্তাহিক ‘জাগৃতি’, ১৯৯১ চনত সাপ্তাহিক ‘কৃষক বন্ধু’ৰ লগতে ‘আজি’, ‘দৈনিক জনসাধাৰণ’, ‘গণধিকাৰ’, ‘দৈনিক প্রতিবেদন’, ‘দৈনন্দিন বার্তা’ বাতৰিকাকতৰ লগত জড়িত থকা সাংবাদিকজনে শেহতীয়াকৈ নিউজ টাইম নামৰ চেনেল এটাৰ সম্পাদকৰ দায়িত্বত আছিল৷
বিগত বর্ষত ৰাজ্য চৰকাৰৰ সাংবাদিক পেন্সন লাভ কৰিছিল পদ্মেশ্বৰ চিত্রকৰে৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্র, বোৱাৰীসহ অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়৷ পদ্মেশ্বৰ চিত্রকৰৰ মৃত্যুত গুৱাহাটী প্রেছ ক্লাবে গভীৰ শোক প্রকাশ কৰিছে৷