নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ গেংষ্টাৰক গুলীয়াই হত্যা ইউপিএছটিএফৰ

নিয়মীয়া বাৰ্তা, ৫ মার্চঃ উত্তৰ প্রদেশৰ বিশেষ টাস্ক ফ’র্চে প্রয়াগৰাজৰ এৰাইলত এক সংঘর্ষত দুই ছার্প ছুটাৰক গুলীয়াই হত্যা কৰে৷

নিহত ছার্প ছুটাৰ দুটাক গেংষ্টাৰ মুন্না বজৰংগী আৰু মুখতাৰ আনছাৰিৰ সহযোগী ৱকিল পাণ্ডে আৰু আমজাদ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে৷

উল্লেখ্য যে ২০১৩ চনত বাৰণসীৰ উপ–জেইলাৰ অনিল কুমাৰ ত্যাগীক হত্যাৰ গোচৰত জড়িত উক্ত দুই ছার্প ছুটা৷ গেংষ্টাৰ মুন্না বজৰংগী আৰু মুখতাৰ আনছাৰিৰ হৈ উক্ত দুই ছার্প ছুটাৰে বাৰাণসীৰ উপ–জেইলাৰ ত্যাগীক হত্যা কৰিছিল৷

মন কৰিবলগীয়া যে ইউপিএছটিএফৰ সৈতে সংঘর্ষত নিহত হোৱা দুই ছার্প ছুটাৰৰ মূৰৰ দাম ৫০ হাজাৰ টকাকৈ ঘোষণা কৰা হৈছিল৷ নিহত ছার্প ছুটাৰ দুটাৰ পৰা মটৰচাইকেল, ৩০এমএম আৰু ৯ এমএম পিষ্টল উদ্ধাৰ কৰে অভিযানকাৰী এছটিএফে৷

You might also like