নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত বন্ধ হল দুখনকৈ চাহ বাগিচা ! ডেৰশ মিটাৰ মথাউৰি জাহ গল বৰলুইতত

বিশেষ বাৰ্তা, ১১অক্টোবৰঃ ডিব্ৰুগড়ত আজি দুখনকৈ চাহ বাগিচা বন্ধ হোৱা কাৰ্যত সৰ্বত্ৰে ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি হৈছে।মাইজান চাহ বাগিচা আৰু গ্ৰীণউড চাহ বাগিচাৰ আজি সকলো শ্ৰমিকে কাম বন্ধ ৰাখে।ফলত অঘোষিতভাবে বন্ধ হৈ পৰিল চাহ বাগিচা দুখন।নিজ জীৱন, সম্পত্তি আৰু ভেটি-মাতি ৰক্ষাৰ যুঁজত আজি ডিব্ৰুগড়ৰ দুখনকৈ চাহ বাগিছাৰ সমূহ শ্ৰমিকে বাগানৰ দৈনিক কাম-কাজ বন্ধ ৰাখিলে।বাগানৰ কাম বন্ধ ৰাখি শ-শ শ্ৰমিক নামি পৰিল শ্ৰমদানত।মুঠৰ ওপৰত জলসম্পদ বিভাগৰ কাৰ্যত ভৰষা নকৰি আজি চাহ শ্ৰমিক সকলে নিজেই হাতে-কামে লাগি পৰিল ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত চিঙি যোৱা ভগ্ন মথাউৰি নিৰ্মানৰ কামত।হয়,কিছুদিনৰ পৰা ডিব্ৰুগড়ত আৰম্ভ হৈছে ভয়ংকৰ গৰাখহনীয়া।ডিব্ৰুগড় চহৰৰ সমীপবৰ্তী মাইজানত ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ প্ৰায় ডেৰশ মিটাৰ জাহ গল ব্ৰহ্মপুত্ৰৰ বুকুত।সুঁতি সলাব নেকি ব্ৰহ্মপুত্ৰই? জাহ যাব নেকি ডিব্ৰুগড়? ডিব্ৰুগড়ৰ বিমান বন্দৰ? এনেবোৰ প্ৰশ্নত এতিয়া আতংকিত হৈ পৰিছে ডিব্ৰুগড় জনসাধাৰণ।ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ লোৱাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰ আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিও তীব্ৰ ভাবুকিৰ স্বৃষ্টি কৰিছে।চহৰখনৰ কিছু নিলগৰ মাইজানত মহাবাহু ব্ৰহ্মপুত্ৰৰ ভয়াবহ ৰূপে কালৰূপ ধাৰণ কৰিছে। ডিব্ৰুগড়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ কাল ৰূপে,মাইজান চাহবাগিচাৰ সমীপস্থত ডিব্ৰুগড় চহৰৰ সুৰক্ষা কৱচ মঠাউৰিৰ একাংশ খহাই পেলাইছে।ব্ৰহ্মপুত্ৰৰ এনে গৰা খহনীয়াত সম্পূৰ্ণৰূপে খহি গ’ল মঠাউৰি প্ৰায় ডেৰশ মিটাৰ।প্ৰতিটো বৰ্ষতে ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ পৰা মাইজান অঞ্চললৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ ব্যাপক গৰা খহনীয়া হৈ আহিছে যদিও চলিত বৰ্ষত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।ইতিমধ্যে হাজাৰ হাজাৰ হেক্টৰ কৃষি ভূমি নদীৰ বুকুত বিলীন হোৱাৰ লগতে বহু লোকৰ ঘৰ বাৰী উচ্ছেদ হৈছে।ঘৰ বাৰী এৰি বহু লোক মঠাউৰিত আশ্ৰয় লব লগীয়া হৈছে।যোৱা নিশা মাইজানত মথাউৰিৰ এটা অংশ খহাই নিয়াত সকলোতে ব্যাপক আতংকৰ স্বৃষ্টি হৈছে।জিলা জলসম্পদ বিভাগে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত ৰুদ্ধ কৰিব পৰা নাই খহনীয়া।স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি চৰকাৰ তথা বিভাগীয় কতৃপক্ষই তৎপৰতা অৱলম্বন কৰিছে যদিও পলিথিন বেগত মাটি ভৰাই মথাউৰী খহনীয়া অংশত দি পানী সোমোৱা ক্ষেত্ৰত বাধা আৰোপ কৰিছে যদিও এইয়া ফুটুকাৰ ফেনতহে পৰিণত হৈছে।ফলত চকুৰ আগত খহিয়েই আছে চপৰা চপৰে মাটি।ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে যদিও এই পৰ্যন্ত সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই,এবাৰো পৰিদৰ্শন নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাইয়ো খহনীয়া স্থান পৰিদৰ্শন কৰাৰ পাছতো আজি পৰ্যন্ত সমস্যা সমাধান নকৰাত এনে পৰিস্থিতি সৃষ্টি হবলৈ পালে বুলি ক্ষোভিত হৈ পৰিছে স্হানীয় ৰাইজ।আতংকত স্থানীয় মাইজান চাহবাগিচা আৰু গ্ৰীণ উড চাহবাগিচা ইতিমধ্যে কতৃপক্ষই বন্ধ দিয়াৰ লগতে হাজাৰ হাজাৰ লোক খহনীয়া স্থলিত সমবেত হৈ খহনীয়া ৰোধৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে।ইপিনে সুৰক্ষা বান্ধৰ প্ৰায় ডেৰশ মিটাৰ জাহ যোৱাৰ পাছত বিভাগে পুনৰ ৰঙামাটি আৰু পলস আদি দি আন একাংশ বান্ধ দিছে যদিও খহনীয়া ৰোধৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত সফল হোৱা নাই।ডিব্ৰুগড়লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অহাৰ সময়ত কোটি কোটি টকা তেওঁক আদৰণি জনোৱা বাবে ব্যয় কৰিছিল যদিও এতিয়া সমগ্ৰ ডিব্ৰুগড়ৰ প্ৰতি ভাবুকি অহাৰ সময়ত ডিব্ৰুগড়ক ৰক্ষা কৰাৰ বাবে কিয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই বুলি সকলোতে ব্যাপক চৰ্চা লভিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like