নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধাননি পথাৰত বাঘৰ আক্ৰমণ : আহত দুই

নিয়মীয়া বাৰ্তা,  ৪ ডিচেম্বৰ : ধাননি পথাৰত নাহৰফুটুকী বাঘৰ আক্ৰমণ ৷ নাহৰকটীয়া বিধান সভা সমষ্টিৰ প্ৰান্তীয় এলেকা কাৱৈমাৰীত আজি সংঘটিত হোৱা বাঘৰ এই আক্ৰমণত দুজন লোক গুৰুতৰভাৱে আহত হয়। পথাৰৰ পৰা ধান কঢ়িয়াবলৈ গৈ বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা এই লোক দুজন হৈছে ললিত ধাদুমীয়া আৰু জয়ন্ত গগৈ ৷ আহত দুয়োজনকে স্থানীয় চিকিৎসালয়ত দেখুওৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাটললৈ প্ৰেৰণ কৰা হয়। স্থানীয় ৰাইজে জানিবলৈ দিয়ানুসৰি কাৱৈমাৰীৰ পথাৰত কেইবাদিনো ধৰি নাহৰফুটুকীয়ে আশ্ৰয় লৈ আছে যদিও বনবিভাগে আজিকোপতি ৰাইজৰ সুৰক্ষাৰ দিশ বিবেচনা কৰা নাই।

You might also like