নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ লুলুঙত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত ঃ লেফটেনেণ্ট কৰ্নেল নিহত

বাৰ্তা ব্যুৰ’,  ৫ অক্টোবৰ : চুবুৰীয়া পাৰ্বত্য ৰাজ্য অৰুণাচলৰ ভাৰত- চীন সীমান্তৱৰ্তী টাৱাঙত আজি পুৱাৰ ভাগত  ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত  হয় ৷ এই দুৰ্ঘটনাত এজন সেনা বিষয়া নিহত হোৱাৰ লগতে আন এগৰাকী পাইলট গুৰুতৰভাৱে আহত হয় ৷ তেজপুৰস্থিত ভাৰতীয় সেনাৰ জন সংযোগ বিভাগে জানিবলৈ দিয়া অনুসৰি, আজি চিতাহ হেলিকপ্টাৰেৰে নিয়মীয়া উৰণৰ সময়তে টাৱাঙৰ পৰা প্ৰায় ৬৫ কিলোমিটাৰ দূৰৈৰ লুলুং অঞ্চলত পুৱা ১০ মান বজাত হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হয় ৷ সেনা বাহিনীয়ে এই বাৰ্তা  লাভ কৰাৰ লগে লগে ঘটনাস্থলীত হৈ অভিযান চলাই দুগৰাকীকৈ গুৰুতৰভাৱে আহত পাইলট সেনা বিষয়াক উদ্ধাৰ কৰি সমীপৱৰ্তী সেনাৰ হাস্পতালত ভৰ্তি কৰায়৷ কিন্তু অতি সংকটজনক অৱস্থাত থকা সেনাৰ পাইলট তথা লেফটেনেণ্ট কৰ্ণেল এগৰাকী কিছু সময়ৰ পিছতে চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ৷ প্ৰকাশ যে এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱা শ্বহীদ পাইলটজনৰ নাম সেনাৰ জনসংযোগ বিভাগৰ অনুৰোধ হেতু উল্লেখ কৰা নহ’ল ৷  আনহাতে, দুৰ্ঘটনাটোত আহত আনগৰাকী পাইলট বৰ্তমানে চিকিৎসাধীন অৱস্থাত আছে ৷ আজি সংঘটিত এই হেলিকপ্টাৰ দুৰ্ঘটনাটোৰ কাৰণ এই বাতৰি লিখা পৰলৈকে স্পষ্ট হোৱা নাই ৷ যি কি নহওক, কৰ্তব্যৰত অৱস্থাত হেলিকপ্টাৰখন পতিত হোৱা হেতু  এগৰাকী সেনা বিষয়াই অকাল  মৃত্যুক আঁকোৱালি লোৱা ঘটনাই সেনা বিভাগত শোকৰ  ছাঁ পেলাইছে ৷
প্ৰেৰক পুলক ডেকা
You might also like