নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোণিতপুৰৰ বালিপৰা মজলীয়া বিদ্যালয়ৰ শতবাৰ্ষিকীৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰী : শোণিতপুৰৰ বৃহত্তৰ বালিপৰা অঞ্চলৰ অগ্ৰণী গুণগত শিক্ষানুষ্ঠান বালিপৰা মজলীয়া বিদ্যালয়ে শতবাৰ্ষিকী অনুষ্ঠান আজি শুভাৰম্ভ হয়। পুৱা পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বিদ্যালয়ৰ নতুন শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপন, গুৰু সম্বৰ্ধনা, আলোচনাচক্ৰ ইত্যাদি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বিদ্যালয়খনত কৰ্তব্য সম্পাদন কৰি অৱসৰ গ্ৰহণ কৰা ২৬ গৰাকীকৈ শিক্ষাগুৰুক উদযাপন সমিতিৰ তৰফৰপৰা গামোছা, চেলেং, গ্ৰন্থৰ টোপোলা, মানপত্ৰৰে বিশেষ সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটোত উদযাপন সমিতিৰ সভাপতি তথা ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, কাৰ্যকৰী সভাপতি নিৰঞ্জন নাথ, সম্পাদক কমল দাসৰ লগতে সমূহ শিক্ষাশুৰু, বালিপৰা অঞ্চলৰ ৰাইজ, অভিভাৱক, শিক্ষা বিভাগৰ বিষয়াসকল উপস্থিত থাকে। উল্লেখ্যে যে বিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰি ৰঙাপৰাৰ বিধায়কগৰাকীয়ে বিদ্যালয়খনৰ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে দহ লাখ টকা প্ৰদান কৰি নিৰ্মাণ হ’বলগীয়া শ্ৰেণীকোঠাৰ আধাৰশিলাটোও স্থাপন কৰে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম বৰা

You might also like