নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিকোডিং জীৱন : মিছা কথাৰ ঠেং চুটি৷ সঁচাকৈ হয়নে!

পার্থসাৰথি মহন্ত

‘কি খবৰ? কেনে আছা?’
‘ভাল৷’
পুৱাৰ পৰা গধূলিলৈকে আমি কিমানক কেইবাৰ এই প্রশ্ণটো সোধো আৰু উত্তৰ দিওঁ তাৰ ঠিক নাই৷ আমি বাৰু সঁচাকৈয়ে জানিব খোজো নে তেওঁ কেনে আছে ভাল বুলি যে উত্তৰ দিওঁ আমাৰ সঁচাকৈয়ে ভাল নে আমি কোনেও মুখ ফুটাই নকওঁ, আচলতে দুয়োটাই মিছা, প্রশ্নটোও উত্তৰটোও৷

আমি মিছা কথা কওঁ৷ মিছাৰেই আমি কথা–বতৰা আৰম্ভ কৰোঁ৷ দিনটো আৰম্ভ কৰোঁ৷ ‘গুডমর্নিং৷’ হয়, কাৰোবাক লগ পালেই কওঁ৷ লগ নাপালেও কথা নাই৷ পুৱা চকু মেলিয়েই গুডমর্নিং৷ মেছেজ এটা এসোপামান মানুহলৈ পঠিয়াই দিওঁ৷ এই শুভেচ্ছা মনৰ পৰা দিওঁনে? ৰাতিও একে৷ ‘গুডনাইট’ মানে মিছাৰে আৰম্ভ মিছাৰে শেষ৷

মিছা কথাৰ অধ্যয়ন সেই কাৰণে অতি কৌতূহল–উদ্দীপক৷ বিভিন্ন সমীক্ষাত দেখা যায় যে এজন এভাৰেজ মানুহে দিনে এবাৰ বা দুবাৰ মিছা কথা কয়েই আৰু এই মিছা কোৱা মানুহখিনিৰ ৫৬ শতাংশই বিশ্বাস কৰে যে তেওঁলোকক কোনেও ধৰিব নোৱাৰে৷ আৰু আমি ভাবি থাকোঁ কেনেকুৱা মানুহ একো লাজ–মান নাই, এনেকৈ মিছা কথা ক’ব পাৰে ইফালে, তেওঁলোকে নিজকে সাংঘাতিক স্মার্ট বুলি ভাবি থাকে৷ কাৰণ সৰুৰে পৰা তেওঁলোকে মিছাই কৈ আহিছে৷ বেছিভাগ মানুহেই প্রায় দুবছৰমানতেই প্রথম মিছা কথা কয়৷ মানে মানুহে যেনেকৈ খোজকাঢ়িবলৈ শিকে, ঠিক তেনেকৈয়ে মিছা কথা ক’বলৈ শিকে৷ অধিকাংশ মিছা কথাই একো বিশেষ নভবা–নিচিন্তাকৈ মুহূর্ততে কৈ দিয়া হয়৷ আচলতে এক তাৎক্ষণিক উত্তেজনাত আমাৰ মুখৰ পৰাও ওলাই যায়৷ তাৰ পৰিণতি কি হ’ব ইমান ভবা–গুণা কৰা নহয় আৰু৷ তদুপৰি ভাবিবলৈ সময়ো পোৱা নাযায়৷

আচলতে বেছি মিছলীয়া মানুহখিনিৰ ব্রেইনৰ কাৰবাৰটোৱেই বেলেগ৷ তেওঁলোকৰ মস্তিষ্কৰ সন্মুখ ভাগৰ বহিৰাবৰণৰ ব্রেইন মেটাৰ আনতকৈ বেছি শক্তিশালী৷ সেইকাৰণে তেওঁলোকে বাস্তৱৰ লগত সংগতি নথকা চিন্তা–ধাৰণাকো সংযোজিত কৰি পেলাব পাৰে৷ সজ লোক এজনৰ কাৰণে মিছা কোৱা সহজ নহয়৷ তেওঁলোকে মিছা ক’বলৈ ভীষণ টান পায়৷ কিন্তু মিছলীয়া মানুহৰ কাৰণে এয়া ভাতৰ লগত পানী খোৱাৰ দৰে৷ তেওঁলোকে তিলমানো সঁচা নোহোৱা কথা এটা কৈ পতিয়ন নিয়াব পৰা গল্প এটা সৃষ্টি কৰি পেলাব পাৰে৷ অসংসক্ত গল্প নহয়৷ খুটি–নাটি মাৰি সৃষ্টি কৰা এটা বাস্তৱতকৈ সঁচা লগা গল্প৷ ইণ্টাৰেষ্টিং কথাটো হ’ল এনে বহু মিছলীয়া মানুহে এই মনেসজা গল্পবোৰ নিজেও সঁচা বুলি ভাবিবলৈ লয়৷ কিছুমানে আকৌ প্রথমতে নিজকে কনভিনছ কৰি লয় ‘এইটোৱেই সঁচা’, তাৰ পিছত আনক কয়৷ এনেকুৱা শক্তিশালী মিছলীয়াৰ লগত ট্রুথ চিৰামেও কাম নকৰে৷ এওঁলোকে বহুত কথা ক’ব, কিন্তু আংশিক সঁচাহে ক’ব৷ ১০০ শতাংশই সঁচাখিনি এওঁলোকৰ পৰা উলিয়াই অনাটো অতি কঠিন৷

ইমানখন কষ্ট কৰি এই মানুহবোৰে কিয় মিছা কথা কয়৷ আচলতে তেওঁলোকে নিজৰ এটা বিশেষ ইমেজ বিচাৰে৷ নিজৰ এক বিশেষ ভাবমূর্তি বিচাৰে, যি তেওঁলোক আচলতে নহয়৷ গতিকে তেওঁলোকে মিছা কথাৰ আশ্রয় লয়৷ তেওঁলোকে বিচৰা প্রতিচ্ছবিখন আনৰ আগত দাঙি ধৰিবলৈ তেওঁলোকে মিছা কথাৰ সহায়ত এক ভাবমূর্তি মেনেজমেণ্টত নামি পৰে৷ এতিয়া ছ’চিয়েল মিডিয়াৰ যুগততো নিজে মিছা ক’বলগীয়া হয়েই, নিজৰ হৈ মিছা মাতিবলৈ দৰমহা দি টীমো ৰাখিবলগীয়া হয়৷ মানে, প্রফেশ্বনেল ভাবমূর্তি মেনেজমেণ্ট।

অৱশ্যে কিছু লোক আছে যাৰ ব্যক্তিত্বতে বিসংগতি আছে৷ ব্যক্তিত্ব বাধিৰ৷ এওঁলোক ৰোগগতভাৱে মিছলীয়া৷ যিকোনো কথাতে মিছা মাতিবলৈ জানিত–জানিতভাৱে এওঁলোক বাধ্য৷ এওঁলোকক মিছা কথা ক’বলৈ কোনো নির্দিষ্ট বা বিশেষ বা একো কাৰণেই নালাগে৷ মিছা কথা এওঁলোকৰ মুখৰ পৰা আপোনা–আপুনি ওলাই আহে৷ এনে কিছু লোকে মিছা কথা কোৱাৰ স্ফূর্তি পাবলৈকে মিছা মাতে৷ ‘মই মিছা ক’লো, ঠগিলো, বুর্বক বনালো৷’ এটা অদ্ভুত আনন্দ পায়৷ মিছা কথাই এই মানুহবোৰৰ ধর্ষকামী মানসিকতাক তৃপ্ত কৰে৷

ইফালে, আকৌ ভাল উদ্দেশ্যতো মিছা কথা ক’বলগীয়া হয়৷ সম্পর্ক ৰক্ষা বা বচোৱাৰ কাৰণে অনেকেই মিছা কথা কয়৷ পতিয়ে পত্নীক, পত্নীয়ে পতিক৷ বন্ধুৱে বন্ধুক৷ বছে নিজৰ অধীনৰ কর্মচাৰীক, তলতীয়া কর্মচাৰীয়ে বছক৷ কাৰোবাক বচাবলৈ মিছা মতা হয়৷ ডাঙৰ ডাঙৰ কথাত৷ গার্হস্থ্য হিংসাৰ বহু ঘটনা পোৱা যায়, য’ত ঘটনাটো পোহৰলৈ অহাৰ পিছতো হিংসাৰ বলি হোৱা মহিলাগৰাকীয়ে নিজৰ পতিক আইনৰ শাস্তিৰ পৰা বচাবলৈ হয় সম্পূর্ণ মিছা মাতে নতুবা কথাবোৰ কমাই কয়৷ কেতিয়াবা আকৌ সংঘাত এৰাই চলিবলৈও মিছা ক’বলগীয়া হয়৷ তদুপৰি সমীক্ষাত দেখা গৈছে শিক্ষকে যদি ছাত্রক মিছাকৈ হওক লাগে, প্রশংসা কৰোঁ, তেওঁলোকৰ ফলাফল ৩০ শতাংশ উন্নত হৈ পৰে৷ পৰিস্থিতি সাপেক্ষে এনে মিছা দৰকাৰী বুলিয়ে গণ্য কৰা হয়৷

ভাল–বেয়া যি কাৰণেই নহওক মিছা কৈ যদি কোনোবাই তাৎক্ষণিক পৰিতৃপ্তি লাভ কৰে তেওঁ আৰু মিছা মাতিবলৈ উৎসাহী হৈ পৰে৷ নিজৰ ৰেপুটেচন ভাল কৰিবলৈতো কথাই নাই৷ নিজকে সৎ, সাধু আৰু ভাল বুলি দেখুৱাবৰ কাৰণে মিছা কথা ক’বলৈ মানুহে সাধাৰণতে কুণ্ঠাবোধ নকৰে৷ লাগে পইচাই খৰচ হওক৷ কোনো কথা নাই৷

মানুহৰ এই মিছা কথা কোৱাৰ স্বভাৱটোৰ কাৰণেই বিভিন্ন সমীক্ষা বা অধ্যয়ন চলোৱা কঠিন হৈ পৰে৷ ছার্ভেত প্রশ্ণবোৰৰ উত্তৰ দিওঁতেই আমি ভুল কথা কৈ দিওঁ৷ ভুল তথ্য দি দিওঁ৷ সেই কাৰণে মানুহে কেনেকৈ কিমান মিছা কয় চাবলৈকে এটা অধ্যয়ন হ’ল৷ জেৰুজালেমৰ হিব্রু বিশ্ববিদ্যালয় আৰু আমেৰিকাৰ চিকাগো বিশ্ববিদ্যালয় আৰু কেলিফ’র্নিয়া বিশ্ববিদ্যালয়ে এটা যুটীয়া অধ্যয়ন কৰিলে৷ এইটো মাত্র দুবছৰ আগৰ অধ্যয়ন৷ তেওঁলোকে ১০০জন প্রাপ্তবয়স্ক ব্যক্তিক এটা ছিটুৱেচন দিলে৷ ‘অফিচৰ কামত যদি নিজৰ বাহন ব্যৱহাৰ কৰে, ৪০০ মাইললৈকে খৰচখিনি অফিচে দিব৷ কর্মচাৰীখিনিয়ে সাধাৰণতে ২৮০ৰ পৰা ৩২০ মাইল নিজা বাহন ব্যৱহাৰ কৰে৷ আপুনি কিমান খৰচ অফিচৰ পৰা বিচাৰিব? গোটেই ৪০০ মাইল বিচাৰিব নে?’ ১২ শতাংশই উত্তৰ দিলে যে তেওঁলোকে সঁচাকৈয়ে ৪০০ মাইল নিজা বাহন ব্যৱহাৰ কৰিলেও অফিচক দিয়া ৰিপ’টত কমাই লিখিব৷ এই উত্তৰটো এভাৰেজ ৩৮৪ মাইল পোৱা গ’ল৷ কাৰণ হিচাপে তেওঁলোকে ক’লে যে যিমান মেক্সিমাম বিচাৰিব পাৰি সিমান বিচাৰিলে ঊর্ধ্বতন মহলে সন্দেহ কৰিব পাৰে৷ সেয়েহে নিজকে সৎ বুলি দেখুৱাবলৈ তেওঁলোকে মিছা কথা কয় আৰু তাৰ কাৰণে তেওঁলোকৰ পইচাও লোকচান হয়৷

অর্থাৎ জন্মৰ পৰা মৃত্যুলৈকে, পুৱাৰ পৰা ৰাতিলৈকে আমাৰ জীৱনটো মিছাৰে ভৰি আছে৷ হয় কৈ আছো, নহয় শুনি আছো৷ যুধিষ্ঠিৰেও ক’লে – ‘অশ্বত্থামা হত ইতি গজ’৷ জর্জ ৱাশ্বিংটনেও ক’লে– ‘মই মিছা ক’ব নাজানো৷’ আচলতে কৈছিল নে নাই সেয়াও খাটাং নহয়৷

এইবোৰ কাৰণেই যেতিয়াই শুনো– মিছা কথাৰ ঠেং চুটি, ভাবো, সঁচাকৈ হয়নে!!!

ফোন : ৯৪৩৫০–৪৮৪৮০

You might also like