নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ বিস্ফোৰণঃ বেদখলেৰে নতুন সমষ্টি দখলৰ ব্লুপ্রিণ্ট

  • ২০৫০ চনৰ ভিতৰত অসমৰ ক্ষমতা হস্তগত কৰাৰ পৰিকল্পনা প্রব্রজনকাৰীৰ
  • বৰক্ষেত্রী–বটদ্রৱা পাছত এইবাৰ লক্ষ্য ছিপাঝাৰ–বৰছলা–লামডিং
  • প্রতিবাৰ নির্বাচনত ৩–৪টা সমষ্টিক কৰে টার্গেট
  • গৰুখুঁটিৰ বেদখলকাৰী ১০ হাজাৰৰ ভিতৰত ৬ হাজাৰৰে এনআৰচিত নাম নাই
  • বেদখলকাৰীয়ে নহয়, ভূমিনীতি অনুসৰি ভূমিহীনেহে পাব ৬ বিঘাকৈ মাটি

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ অহা ২০৫০ চনৰ ভিতৰত অসমৰ শাসন ক্ষমতা দখলৰ ভয়ানক পৰিকল্পনা কৰিছে প্রব্রজনকাৰীয়ে৷ অতি পৰিকল্পিতভাৱে ইটোৰ পাছত সিটো সমষ্টিত বেদখল কৰি প্রব্রজনকাৰীসকলে জনগাঁথনিৰ ব্যাপক পৰিৱর্তন ঘটাই তেওঁলোকৰ পৰিকল্পনা বাস্তৱ ৰূপ দিয়াৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ প্রতিবছৰে তিনিটাৰ পৰা চাৰিটা বিধানসভা সমষ্টি দখলৰ ব্লুপ্রিণ্ট ৰচনা কৰিছে৷

বৃহস্পতিবাৰে ধেমাজিত বেদখলকাৰী প্রব্রজনকাৰীৰ এই ভয়ংকৰ ব্লুপ্রিণ্টৰ বিষয়ে সদৰী কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কালি ধেমাজিত অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকৰ পূর্বে সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই চোৰাংচোৱাকে ধৰি বিভিন্ন উৎসৰ পৰা লাভ কৰা তথ্যৰ আধাৰত বেদখলকাৰী অনুপ্রৱেশকাৰীৰ সেই ভয়ংকৰ পৰিকল্পনাৰ বিষয়ে প্রকাশ কৰি কয় যে ছিপাঝাৰ সমষ্টিৰ দৰে সম্প্রতি বৰছলা সমষ্টিতো বেদখল হৈছে৷

সমষ্টিটোলৈ অহা বেদখলকাৰীসকলৰ বেছিভাগেই ধিং, ৰূপহী সমষ্টিৰ পৰাই আহিছে৷ বেদখলকাৰীসকলে নতুন নতুন সমষ্টি দখলৰ ব্লুপ্রিণ্ট কৰিয়েই এটাৰ পাছত এটা সমষ্টি বেদখল কৰিবলৈ আৰম্ভ কৰিছে৷ অহা বিধানসভা নির্বাচনত তেওঁলোকে ছিপাঝাৰ, বৰছলা, লামডিং সমষ্টিৰ জনগাঁথনি পৰিৱর্তন কৰাৰ বাবেই সমষ্টিকেইটাত বেদখল কৰিছে৷ এইবাৰ যেনেদৰে বটদ্রৱা সমষ্টি তেওঁলোকে দখল কৰিলে, তেনেদৰে অহা নির্বাচনত তেওঁলোকে ছিপাঝাৰ, বৰছলা, লামডিঙত জনগাঁথনিৰ পৰিৱর্তন ঘটাই নিজৰ দখললৈ নিয়াৰ পৰিকল্পনা কৰিছে৷ জনগাঁথনিৰ পৰিৱর্তন ঘটাই ইতিমধ্যে বৰক্ষেত্রী, বটদ্রৱা, মঙলদৈ তেওঁলোকে লৈ ল’লে৷ অহা ২০৫০ চনৰ ভিতৰত তেওঁলোকে অসমৰ শাসন ক্ষমতা দখলৰ পৰিকল্পনা কৰিছে৷ প্রত্যেক বছৰে তেওঁলোকে নির্দিষ্ট তিনি–চাৰিটাকৈ সমষ্টিত জনগাঁথনিৰ পৰিৱর্তন ঘটাই তেওঁলোকৰ অধীনলৈ নিয়াৰ ব্লুপ্রিণ্ট ৰচিছে৷ অহা ২০২৬ চনত তেওঁলোকে কোনকেইটা সমষ্টি দখল কৰিব, ২০৩১ চনত কোনকেইটা সমষ্টি দখল কৰিব, ২০৩৭ চনত কোন কোন সমষ্টি দখল কৰিব সেই সম্পর্কত ইতিমধ্যে পৰিকল্পনা কৰি লৈছে৷ সেই অনুসৰি তেওঁলোকে ইটোৰ পাছত সিটো নির্দিষ্ট সমষ্টিত বেদখল কৰি আহিছে৷ এইক্ষেত্রত নির্দিষ্ট কোনো সংগঠনৰ পৰিৱর্তে সামূহিক চিন্তাৰে তেওঁলোকে অতি পৰিকল্পিতভাৱে আগবাঢ়িছে বুলি মন্তব্য কৰে৷

বেদখলকাৰীৰ ক্ষেত্রত বিভিন্ন সময়ত তেওঁলোকে বান–খহনীয়াত ক্ষতিগ্রস্ত বুলি কৈ আহিছে যদিও একোজন মাতব্বৰৰ হাতত ৩০০–৪০০ বিঘা মাটি থকাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বান–খহনীয়াত ক্ষতিগ্রস্ত হোৱা লোক হ’লে একোজন মাতব্বৰৰ হাতত কেনেকৈ ৩০০–৪০০ বিঘা মাটি থাকে? আনহাতে, বেদখলকাৰীক ৬ বিঘাকৈ মাটি দিয়া নাই বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে হৰিশংকৰ ব্রহ্ম কমিটীৰ প্রতিবেদন অনুসৰি চৰকাৰে প্রকৃত ভূমিহীনক নতুন ভূমি নীতি অনসৰি ৬ বিঘাকৈ মাটি দিয়াৰ ব্যৱস্থা কৰিছে৷ এই ব্যৱস্থা ভূমিহীনৰ বাবেহে, বেদখলকাৰীৰ বাবে নহয়৷ ভূমিহীনক ৬ বিঘাকৈ মাটি দিয়াৰ ক্ষেত্রত বহু নীতি–নিয়ম আছে৷ সেই নীতি–নিয়ম মতেহে ৬ বিঘাকৈ মাটি লাভ কৰে৷ ইপিনে, বেদখলকাৰীসকলৰ ভিতৰত গৰিষ্ঠসংখ্যকেই সন্দেহযুক্ত নাগৰিক৷

এইক্ষেত্রত ছিপাঝাৰ সমষ্টিৰ গৰুখুঁটিৰ বেদখলকাৰীৰ প্রসংগৰ আঁত ধৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গৰুখুঁটিৰ ১০ হাজাৰ বেদখলকাৰীৰ ভিতৰত ৬ হাজাৰ মানুহৰ নাম এনআৰচিত নাই৷ এই লোকসকল গৰুখুঁটিত নতুনকৈ অহা৷ এইসকলৰ সৰহসংখ্যকেই দলগাঁও, বাঘবৰ, সর্থেবাৰী আদি অঞ্চলৰ পৰা অহা৷ মুখ্যমন্ত্রী ড০ শর্মাৰ এই তথ্যই একাংশ সন্দেহযুক্ত নাগৰিকেও যে অসমৰ জনগাঁথনিৰ পৰিৱর্তন ঘটাই ৰাজ্যৰ শাসনভাৰ দখলৰ ভয়ানক ব্লুপ্রিণ্ট ৰচিছে, সেয়াও স্পষ্ট হৈ পৰিছে৷

You might also like