নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশে নদীপথেৰে ভাৰতলৈ ৰপ্তানি কৰা পেলনীয়া কপাহবাহী জাহাজ উপস্থিত ধুবুৰীৰ জাহাজঘাটত

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ ধুবুৰী তথা অসম আৰু উত্তৰ–পূৰ্বাঞ্চলৰ বাবে নতুন দিগন্তৰ সূচনা ঘটাই আজি বৃহৎ পৰিমাণৰ পেলনীয়া কঁপাহ (waste cotton jutes)লৈ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণৰ ধুবুৰীস্থ জাহাজ ঘাটত আহি উপস্থিত হৈছে এখন বাংলাদেশৰ মালবাহী জাহাজ। সেইখনৰ কৰ্মচাৰী তুহিন সেখে সদৰি কৰানুসৰি প্ৰায় ১১১ মেট্ৰিক ট’ন পেলনীয়া কঁপাহ (waste cotton jutes) অনা হৈছে জাহাজখনেৰে। উল্লেখ্য যে, পোন প্ৰথমবাৰৰ বাবে এইদৰে নদীপথেৰে বাংলাদেশৰ পৰা ভাৰতলৈ আহি পালে বৃহৎ পৰিমাণৰ পেলনীয়া কঁপাহ (waste cotton jutes)। যোৱা ১ ছেপ্টেম্বৰৰ পৰা বাংলাদেশৰ মুক্তাৰপুৰৰ নদীবন্দৰৰ পৰা বৰলুইতেৰে ধুবুৰী অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল ‘‘ইয়া–ৰাজ্জাকু’ নামৰ সেই বাংলাদেশী মালবাহী জাহাজখন। জানিব পৰা মতে, বাংলাদেশৰ ‘মোক্তাৰ হুছেইন এন্টাৰপ্ৰাইজ’ নামৰ প্ৰতিষ্ঠান এটাই ভাৰতলৈ ৰপ্তানী কৰিছে পেলনীয়া কঁপাহখিনি (waste cotton jutes)। উল্লেখ্য যে, নতুনকৈ নিৰ্মাণ কৰাৰ পিছত ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণৰ ধুবুৰীৰ পঞ্চুঘাটৰ জাহাজঘাটৰ পৰা ২০১৯ চনৰ ২৬ ডিচেম্বৰৰ পৰা আনুষ্ঠানিক ভাৱে আৰম্ভ হৈছিল আন্তঃৰষ্ট্ৰীয় বাণিজ্য৷ ইমানদিনে সেই জাহাজঘাট তথা নদী বন্দৰটোৰে মূলতঃ পাথৰ আৰু শিল বাংলাদেশলৈ ৰপ্তানি কৰা হৈ আছিল। শেহতীয়াকৈ বাংলাদেশে ভাৰতলৈ ৰপ্তানি সামগ্ৰী ধুবুৰীৰ সেই জাহাজ ঘাটটোলৈ আহিবলৈ লোৱাটো এক শুভলক্ষণ বুলিয়েই বিবেচিত হৈছে। আশা কৰা হৈছে, জাহাজ ঘাটটোৱে আগলৈ গৈ ধুবুৰীকে ধৰি পশ্চিম অসমৰ আৰ্থ–সামাজিক বিকাশত এক ধনাত্মক অৰিহণা যোগাব বুলিয়েই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like