নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম গেছ কোম্পানীৰ লাভ্যাংশ পাঁচ কোটি সাত লাখ টকা অসম চৰকাৰক প্ৰদান

২০২০-২১ বিত্তীয় বৰ্ষত কোম্পানীৰ টাৰ্ণঅভাৰ ৩০০ কোটি আৰু মুঠ লাভ ৬৪ কোটি টকা

নিয়মীয়া বাৰ্তা, ৩০ নবেম্বৰ : অসম চৰকাৰৰ লাভজনক উদ্যোগ প্ৰতিষ্ঠান অসম গেছ কোম্পানী লিমিটেডে ২০২০-২১ বিত্তীয় বৰ্ষৰ লাভ্যাংশ ৫ কোটি ৭ লাখ টকা অসম চৰকাৰক প্ৰদান কৰে । অসম গেছ কোম্পানী তৰফৰ পৰা কালি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ হাতত ৫,০৭,৪৩,৪৭০ টকাৰ এখন চেক প্ৰদান কৰি আনুষ্ঠানিকতা সম্পন্ন কৰে । প্ৰতিষ্ঠানটোৰ হৈ অসম গেছ কোম্পানী লিমিটেডৰ অধ্যক্ষ তথা শদিয়াৰ বিধায়ক বলীন চেতিয়া, পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰী, মুখ্য বিত্ত বিষয়া ( চি এফ অ’ ) হৰেন চন্দ্ৰ মহন্ত আৰু উপ মহাপ্ৰবন্ধক মনোজ কুমাৰ বৰুৱাই কইনাধৰাস্থিত বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ হাতত এই চেক প্ৰদান কৰে ।

উল্লেখযোগ্য যে ২০২০-২১ বিত্তীয় বৰ্ষত অসম গেছ কোম্পানীৰ টাৰ্ণ অভাৰ ৩০০ কোটি টকাৰ বিপৰীতে মুঠ লাভ হৈছে ৬৪ কোটি টকা । অসম চৰকাৰক সৰ্বাধিক লভ্যাংশ প্ৰদান কৰি অহা অসম গেছ কোম্পানী লিমিটেডৰ শেহতীয়া কাম-কাজ তথা দ্ৰুতগতিত প্ৰতিষ্ঠানটোৰ প্ৰাকৃতিক গেছ ব্যৱসায়িক সম্প্ৰসাৰণক লৈ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা  যথেষ্ঠ আশাবাদী ।

You might also like