নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বায়ুসেনাৰ হাতত মেড ইন ইণ্ডিয়া যুঁজাৰু হেলিকপ্টাৰ অর্পণ প্রধানমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ: উত্তৰ প্রদেশৰ মাহোবা আৰু ঝান্সি জিলাত শুকুৰবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কেইবাটাও উন্নয়ন প্রকল্প মুকলি কৰে৷ মাহোবাত কেইবাটাও প্রকল্প মুকলি কৰাৰ পিছত প্রধানমন্ত্রী মোদীয়ে ঝান্সিত প্রতিৰক্ষা খণ্ডৰ ৰাষ্ট্র ৰক্ষা সমর্পণ পর্বত অংশ লয়৷

প্রতিৰক্ষা খণ্ডত এই কার্যসূচীত অংশগ্রহণ কৰি প্রধানমন্ত্রী মোদীয়ে দেশীয়ভাৱে নির্মিত তথা মেড ইন ইণ্ডিয়া যুঁজাৰু হেলিকপ্টাৰ বায়ুসেনা বাহিনীৰ হাতত অর্পণ কৰে৷ ইয়াৰ উপৰি প্রধানমন্ত্রীগৰাকীয়ে উত্তৰ প্রদেশত ৪০০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’ব লগা প্রতিৰক্ষা ঔদ্যোগিক কৰিড’ৰ প্রকল্পৰ আধাৰশিলা স্থাপন কৰে৷ আত্মনির্ভৰ ভাৰতৰ লক্ষ্যৰে প্রতিৰক্ষা খণ্ডতো দেশীয়ভাৱে নির্মিত প্রতিৰক্ষা সামগ্রীৰ প্রতি গুৰুত্ব আৰোপ কৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ডিআৰডি’ৰ দ্বাৰা বিকশিত আৰু নির্মিত লঘু যুঁজাৰু হেলিকপ্টাৰ বায়ুসেনা বাহিনীৰ হাতত আনুষ্ঠানিকভাৱে অর্পণ কৰে৷

উল্লেখ্য যে আজাদী কা অমৃত মহোৎসৱ উদ্যাপনৰ অংশ হিচাপে যোৱা ১৭ নৱেম্বৰৰ পৰা ঝান্সিত প্রতিৰক্ষা খণ্ডৰ ৰাষ্ট্র ৰক্ষা সমর্পণ পর্ব চলি আছে৷

You might also like