নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত ছাত্ৰী সন্ধানহীন: আলফালৈ আহিছোঁ বুলি হোৱাটছ এপ বাৰ্তা প্ৰেৰণ পৰিয়াললৈ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ:  চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ নিকটৱৰ্তী তথা কাকতিবাৰী আৰক্ষী থানাৰ এলেকাধীন মাহমৰা কোঁৱৰ গাঁৱৰ অৰ্পিতা গগৈ নামৰ এগৰাকী কলেজীয়া ছাত্ৰী সন্ধানহীন হৈ থকা ঘটনাই সমগ্র জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে যোৱা ২৮ নৱেম্বৰৰ দিনা দুপৰীয়া ঘৰৰ পৰা ওলাই যোৱা গাওঁখনৰ নিবাসী দিলীপ গগৈ আৰু উষা গগৈৰ কন্যা তথা মাহমৰা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী অৰ্পিতা গগৈৰ সন্ধাননাই হৈ আছে। সন্ধানহীন হোৱাৰ এদিনৰ পিছতে অচিনাকি নম্বৰৰ পৰা অৰ্পিতাই নিজৰ মাতৃৰ মোবাইলত আলফালৈ আহিছোঁ বুলি হোৱাটছ বাৰ্তা প্ৰেৰণ কৰাত এতিয়া অধিক চিন্তিত হৈ পৰিছে অৰ্পিতা গগৈৰ পৰিয়ালটো। অৰ্পিতাৰ পৰিয়ালৰ লোকে হাতযোৰ কৰি সন্ধানহীন ছাত্ৰী গৰাকীক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনক। আনহাতে এই ক্ষেত্ৰত যুৱতী গৰাকী আলফা লৈ যোৱাৰ বাৰ্তা লাভ কৰাত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ ঘৰৰ ছোৱালী ঘৰলৈ পঠিয়াই দিয়াৰ কাতৰ আহ্বান পৰিয়ালৰ লোকৰ।আনহাতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত উক্ত দিনাই কাকতিবাৰী আৰক্ষী থানাত উচিত তদন্ত আৰু যুৱতী গৰাকী উদ্ধাৰৰ বাবে অৱগত কৰাৰ পাছতো কাকতিবাৰী আৰক্ষী থানাই এই সংক্ৰান্তত বিশেষ ভাৱে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে অৰ্পিতাৰ পৰিয়ালৰ লোকে ।সন্ধানহীন হোৱাৰ এটা সপ্তাহ উকলি যোৱাৰ পাছতো ছাত্ৰী গৰাকী শুং সূত্ৰ ওলোৱাত আৰক্ষী বিফল হোৱা বুলি অৰ্পিতাৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে । আনহাতে, স্থানীয় একাংশ লোকে জানিবলৈ দিয়া অনুসৰি জিলাখনৰ বৰহাটৰ এজন বিবাহিত লোকৰ সৈতে থকা অবৈধ প্ৰেমৰ পৰিণতিত যুৱতীগৰাকীয়ে উক্ত লোকজনৰ সৈতে পলাই গৈ পৰিয়ালৰ ৰোষত পৰাৰ ভয়ত আলফালৈ যোৱাৰ নাটক সৃষ্টি কৰিছে ৷

দীপাংকৰ পাল,সোণাৰি।

You might also like