নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মচুৰ দাইলৰ উপকাৰিতা কি?

সাধাৰণতে খেতিয়কসকলে মুগ, মচুৰ, অৰহৰ, মটৰ আদি বিভিন্ন প্রকাৰৰ দালি খেতি কৰে৷ আটাইকেইবিধ দাইলৰেই পুষ্টিকৰ লগতে উপকাৰী গুণ আছে৷ তাৰ ভিতৰৰে মচুৰ দালিৰ কি কি পুষ্টিকৰ গুণ আছে আমি হুতেই নাজানো৷ হু ছৰৰ আগৰে পৰা মচুৰ দাইল খাদ্যৰূপে গ্রহণ কৰিছিল৷ প্রথমে গ্রীচ, তাৰ পিছত পেলেষ্টাইন, তুক্ আৰু তাৰ পিছত ক্রমে সমগ্র বিশ্বতে মচুৰ দালি খাদ্য হিচাপে জনপ্রিয় হৈ পৰে৷ এইবিধ দাইল শৰীৰৰ পক্ষে কিমান উপকাৰী, সেই বিষয়ে কিছু ছৰ আগেয়েহে জনা যায়৷ গৱেষণাৰ জৰিয়তে জানিব পৰা যায় যে মচুৰ দাইলত শৰীৰৰ লাগতিয়াল বহুতো উপাদান পোৱা যায়৷ জনা মতে, এক কাপ মচুৰ দাইলত ১৮ গ্রাম প্রটিন পোৱা যায়৷ ইয়াৰ উপৰি ফাইবাৰেৰে পৰিপূর্ণ মচুৰ দাইলত কেলৰিৰ পৰিমাণ অত্যন্ত কম৷ মচুৰ দাইলত এনে কি গুণ আছে জানো আহক–

  • গৱেষণাৰ পৰা গম পোৱা গৈছে যে মচুৰ দাইলত থকা ফাইবাৰে তেজত থকা বেয়া কলেষ্টেৰলৰ মাত্রা কমোৱাত বিশেষ ভূমিকা লয়৷ ফলত হার্ট এটেকৰ সম্ভাৱনা কমাৰ লগতে ষ্ট্র’কৰ সম্ভাৱনাও কমে৷
  • মচুৰ দাইলত ফাইবাৰৰ উপৰি ফলেট, মেগনেছিয়াম পোৱা যায়৷ এইেবাৰে হার্টৰ কার্যক্ষমতা দ্ধি কৰে৷ ফলত কোনোধৰণৰ হার্টত সমস্যা হোৱাৰ সম্ভাৱনা নোহোৱা হয়৷ উল্লেখ্য যে ফলেটে শৰীৰত হমোছিষ্টেনিনৰ মাত্রা কমায়৷
  • প্রচুৰ পৰিমাণে ফাইবাৰ মচুৰ দাইল থকা ােব হজমৰ সহায়ত এচিডৰ ক্ষৰণ ঢ়াই তোলে৷ ফলত দহজম, গেছৰ সমস্যা আদি কমাই ৰাখে৷
  • মচুৰ দাইলত থকা ছল্বেল ফাইবাৰে ব্লাড ছুগাৰৰ লেভেল নিয়ন্ত্রণ ৰখাত বিশেষ ভূমিকা গ্রহণ কৰে৷ ইয়াৰ াবে ডায়েবেটিছ ৰোগত ভোগাৰ সম্ভাৱনা কমে৷
  • মচুৰ দাইল খালে আমাৰ শৰীৰে ২৬ শতাংশ কেলৰি প্রটিন হিচাপে গ্রহণ কৰে৷ ফলত শৰীৰৰ াবে প্রয়োজনীয় উপাদানৰ ঘাটি দূৰ কৰে৷ সেয়ে শৰীৰটো নানাবিধ ৰোগত আক্রান্ত হোৱাৰ আশংকা কমে৷
  • মচুৰ দাইলত থকা কর্াবহাইড্রেট, প্রটিন, উপকাৰী খনিজ, ফাইবাৰে বহুসময় ধৰি পেটটো ভৰাই ৰাখে৷ ফলত কিছু সময়ৰ মূৰে মূৰে খোৱাৰ প্রৱণতা নাইকিয়া হয়৷ সেয়ে এইবিধ দাইলে শৰীৰৰ ওজন হ্রাসত উল্লেখনীয় অৰিহণা যোগায়৷
You might also like