নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰত কৃষি সিঞ্চয়ী যোজনাৰ সঁজুলি বিতৰণ

নিয়মীয়া বাৰ্তা, ৩১ মে : কামৰূপ মেট্ৰ’ জিলা কৃষি বিভাগৰ অন্তৰ্গত সোণাপুৰ কৃষি উন্নয়ণ চক্ৰত আজি প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনা চমুকৈ PMKSYৰ সা-সঁজুলিৰ সমুহীয়া বিতৰণ অনুষ্ঠান এটিৰ আয়োজন কৰা হয়। আজি সোণাপুৰ আৰু ক্ষেত্ৰীৰ অৰ্ধ শতাধিক কৃষকৰ উপস্থিতিত জইণ্ট ইৰিগেছন এম ডিছ অৰ্গেনিকছৰ সহযোগত কেবাগৰাকীও কৃষকক পাম্প, ইলেকট্ৰিকেল মটৰ আদি জলসিঞ্চনৰ সা-সঁজুলি দিয়াৰ ব্যৱস্থা কৰা হয়। উক্ত অনুষ্ঠানত কামৰূপ জিলা কৃষি বিভাগৰ পি এম কে এছ ৱাইৰ ন’ডেল বিষয়া মুকুল বৰ্মনে উপস্থিত থাকি কৃষকসকলক এই আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰি কৃষিকাৰ্যত প্ৰয়োগ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনাৰ জৰিয়তে ৮৫ শতাংশ ৰাজসাহাৰ্যৰে কৃষকক জলসিঞ্চনৰ সুবিধাৰ ব্যৱস্থা কৰা হয়। উক্ত সঁজুলি বিতৰণ অনুষ্ঠানত পি এম কে এছ ৱাইৰ টেকনিকেল এক্সিকিউটিভ ৰাণা দাস, সোণাপুৰ আৰু ক্ষেত্ৰীৰ কৃষি উন্নয়ণ বিষয়াদ্বয় ক্ৰমে নিৰোদ নাথ আৰু জ্যোতি কোঁৱৰ, এম ডিছ অৰ্গেনিকছৰ বিষয়ববীয়া আদি উপস্থিত থাকে। উল্লেখ্য যে, কামৰূপ জিলা কৃষি বিষয়া বিমলাপ্ৰসাদ দেউৰীয়ে জিলাখনৰ সকলো কৃষকক এই আঁচনিৰ সুবিধা ল’বলৈ আহ্বান জনাইছে।

You might also like