নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান মহাবিদ্যালয়ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰত্যাশীসকলৰ বাবে বিশেষ কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ১৪ মার্চ: দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দুলীয়াজান ৰ’টাৰী ক্লাৱৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ কেৰিয়াৰ কাউঞ্চেলিং শাখাৰ সহযোগত ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰত্যাশীসকলৰ বাবে ‘দিকবলন কাৰ্যসূচী’ (Orientation Program) শীৰ্ষক এক অনুষ্ঠান আজি অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকচ তথা প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি কেন্দ্ৰ (National Informatics Centre)ৰ জ্যেষ্ঠ সঞ্চালক দীপকমল গোঁ‌হাইয়ে। ভাষণ প্ৰসংগত সমল ব্যক্তিগৰাকীয়ে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰতি অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ অনীহা আৰু অহেতুক ভয়ৰ কথা দোহাৰি এই পৰীক্ষাৰ অনুশীলনৰ বাবে সময়সূচী, পাঠ্যক্ৰম, বিভিন্ন অনুষ্ঠানে আগবঢ়োৱা জলপানি আদি সকলো সামৰি এক তথ্যসমৃদ্ধ আলোচনা আগবঢ়ায়। তদুপৰি অসমৰ ছাত্ৰ-ছাত্ৰীক ভাষিক মাধ্যম তথা ঐচ্ছিক বিষয় হিচাপে ‘অসমীয়া’ বিষয়টো নিৰ্বাচন কৰাতো বিশেষভাৱে পৰামৰ্শ আগবঢ়ায়।  দুলীয়াজান মহাবিদ্যালয়ৰ কলা, বাণিজ্য, বিজ্ঞান- কেউটা শাখাৰে বহুসংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা অনুষ্ঠানটো আঁ‌ত ধৰে ৰ’টাৰী ক্লাৱৰ প্ৰাক্তন সভাপতি বিমল বৰগোহাঁয়ে। সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড°লোকবিকাশ গগৈ, ৰ’টাৰী ক্লাৱৰ সভাপতি পল্লৱ প্ৰাণ দুৱৰাকে ধৰি বহুকেইগৰাকী সদস্য তথা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে।
You might also like