নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথ নিৰ্মাণত বাধা প্ৰদান-নাহৰকটীয়াৰ সাংবাদিকৰ বিৰুদ্ধে ধৰ্ণা

নিয়মীয়া বাৰ্তা, ১৪ মার্চ: ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ এগৰাকী সাংবাদিকৰ এটা ফেচবুক পোষ্টক লৈ আজি অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত এখন অতি পিছপৰা গাঁও আৰু বাগিচাৰ লোকে সাংবাদিকগৰাকীৰ বাসগৃহ ঘেৰাও কৰে। জানিব পৰা অনুসৰি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰেদি গলে পোৱা আৰু অসম বন আইন প্ৰযোজ্য হোৱাৰ আগতেই স্থাপিত হোৱা নামচাং চাহ বাগিচা আৰু পুৱেৰুণ গাঁৱৰ ৰাইজে যিকোনো কামৰ বাবেই জয়পুৰ বা নাহৰকটীয়া আহিব লগা হলে সদ্য ঘোষণা কৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰেদি থকা অতি কদৰ্য ৰাষ্টাইদি আহিব লগা হয়। যাৰ বাবে তেওঁলোকে শিক্ষা-স্বাস্থ্য সকলো দিশতে দুৰ্ভোগৰ সন্মুখীন হয়। এই সমস্যাটো সমাধান কৰিবলৈ ৰাইজে বছৰ বছৰ ধৰি দাবী জনোৱাৰ পিছত কিছুদিন পূৰ্বে এই ৰাস্তা নিৰ্মাণৰ পৰিকল্পনা কৰাৰ লগতে এইক্ষেত্ৰত বন বিভাগৰ পৰা এন অ’ চি আদায়ৰ ব্যৱস্থা কৰাৰ প্ৰচেষ্টা চলায়। কিন্তু এই তথ্য লাভ কৰি সাংবাদিকজনে সামাজিক মাধ্যমত বিভিন্ন আইনী বিষয় দোহাই দি এই ৰাস্তা নিৰ্মান কৰিবলৈ দিয়া নহব বুলি মন্তব্য কৰাত ক্ষোভিত হৈ পৰে অঞ্চলটোৰ ৰাইজ। একমাত্ৰ সাংবাদিকগৰাকীৰ বাবেই লোকসকলে তেওঁলোকৰ ৰাস্তা নিৰ্মাণ হোৱাত বাধাৰ সৃষ্টি হব বুলি ভাবি আজি অঞ্চলটোৰ ৪০০ লোকে আহি তেওঁৰ ঘৰ ঘেৰাও কৰাৰ চেষ্টা চলায়। অৱশ্যে প্ৰতিবাদকাৰী লোকসকল সাংবাদিকগৰাকীৰ ঘৰত উপস্থিত হলে পৰিস্থিতি বেয়া হব বুলি ভাবি স্থানীয় আৰক্ষী আৰু দণ্ডাধীশে লোকসকলক বাধা দিয়াত শেষত প্ৰতিবাদকাৰীসকলে চক্ৰ বিষয়াৰ কাৰ্যাসয়ত উপস্থিত হৈ অসম বন আইন গৃহীত হোৱাৰ আগতেই প্ৰতিষ্ঠা হোৱা গাঁওখনৰ লোকসকলৰ শিক্ষা-স্বাস্থ্য আদি দিশৰ বাবে দৰকাৰী এই পথটো নিৰ্মাণত সাংবাদিক গৰাকীয়ে কিয় বাধা প্ৰদান কৰিছে তাৰ ওপৰত বিভিন্ন ধৰ্ণা প্ৰদান কৰি দণ্ডাধীশ গৰাকীৰ হাতত এখন দাবী পত্ৰ প্ৰদান কৰে।

You might also like